SFI:
উত্তৰ পূব সীমান্ত ৰে’লৱে যোৱা কিছুদিন ধৰি মহানগৰীৰ ৰে’লৱে ভূমিত দীর্ঘদিনৰ পৰা বসবাস কৰি অহা লোকসকলক বিকল্প ব্যৱস্থাৰ অবিহনে বিভিন্ন সময়ত উচ্ছেদৰ জাননী তথা ভয় ভাবুকি প্রদান কৰি অহা কার্যক এছ এফ আই, ডি ৱাই এফ আই আৰু সদৌ গুৱাহাটী বস্তি সমন্বয় সমিতিয়ে আৰু সচেতন নাগৰিক সমাজে গভীৰ উদ্বেগ প্রকাশ কৰিছে ।
গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষই শেহতীয়াকৈ প্রকাশ কৰা ‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’ ৰ খচৰাত গুৱাহাটীত ২১৭ টা বস্তি থকাৰ কথা উল্লেখ কৰিছে আৰু ইয়াৰে ভূতনাথ, শান্তিপুৰ, উজান বজাৰ, ভাস্কৰ নগৰ, লালাবস্তি, বাবুবস্তি আদিকে ধৰি বহুকেইটা বস্তি ৰে’লৱেৰ ভূমিত অৱস্থিত। পেটৰ দায়ত পৰি এইসকল লোক কোনো বুনিয়াদী সুবিধা নথকা এনে স্থানসমূহত বাস কৰিবলৈ বাধ্য হৈ পৰিছে।
বস্তিসমূহত বসবাস কৰা অধিকাংশ লোকেই অসংগঠিত খণ্ডৰ শ্রমিক হিচাপে জীৱিকা নিৰ্বাহ কৰি আহিছে আৰু চহৰ নিৰ্মাণত এইসকল লোকৰ ভূমিকা অপৰিসীম। তৎসত্ত্বেও ৰাজ্য চৰকাৰৰ পৰা বস্তিবাসী ৰাইজে আজি পর্যন্ত নাপালে বাসস্থানৰ অধিকাৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰীয়া), মুখ্যমন্ত্ৰী আৱাস যোজনা আদি আঁচনিৰ কথা চৰকাৰে বীৰদৰ্পে ঘোষণা কৰিলেও তাৰ কাৰ্যতঃ কিমানখিনি ৰূপায়ণ হৈছে সেয়াও সন্দেহব আৱৰ্তত বুলি উল্লেখ কৰে গুৱাহাটী বস্তি সমন্বয় সমিতি, ডি ৱাই এফ আই আৰু এছ এফ আই-এ ৷
সংগঠন তিনিটাই আৰু কয় যে, গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ৰ খচৰাত উত্তৰ গুৱাহাটী আৰু মির্জাৰ ৬ খন গাঁও, ৩নং শিঙিমাৰী, ১নং গোন্ধমৌ, মাটিকুটুনী, ৰাজাপানীচন্দা, দেউৰালী আৰু লোচনাক সুলভ বাসগৃহ প্রকল্পৰ বাবে অনুমোদন কৰা হৈছে কিন্তু স্থানান্তৰিত হ’ব লগা লোকসকলৰ জীৱিকাৰ বিষয়টোৰ প্ৰতি চৰকাৰে কাণসাৰ দিয়া নাই। গুৱাহাটী পৌৰ নিগমৰ ৱেবছাইটৰ আঁচনি শীর্ষক পৃষ্ঠাত প্রধান মন্ত্রী আৱাস যোজনাৰ অৱতাৰণা কৰি কোৱা হৈছে যে তেওঁলোকে ‘হাউচিং ফৰ অল প্লেন অফ একশ্যন’ত পৌৰ নিগমৰ অন্তৰ্গত এলেকাসমূহৰ পৰা ৫৬৬৫৬ গৰাকী হিতাধিকাৰী নিৰ্বাচন কৰি উলিয়াইছে আৰু ইয়াৰ জৰিয়তে বস্তিত বাস কৰা লোকসকলক সুলভ বাসগৃহ প্ৰদানৰ কথা ক’লেও বস্তিসমূহৰ লোকসকলক বাসস্থান প্ৰদান কৰাৰ পূৰ্বেই উচ্ছেদৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
ঘৰ খালী কৰিবলৈও উত্তৰ পূব সীমান্ত ৰেলৱে লোকসকলক সময় বান্ধি দিছে মাত্র পোন্ধৰ দিন। এনে ধৰণৰ কাৰ্যই এইসকল প্রান্তীয় নাগৰিকৰ অন্ন-বস্ত্র-বাসস্থানৰ যি মৌলিক অধিকাৰ, তাক প্রত্যক্ষভাৱে খর্ব কৰা হৈছে বুলি সংগঠনকেইটিয়ে মত পোষণ কৰিছে। লগতে বিকল্প ব্যৱস্থাৰ অবিহনে কৰা উচ্ছেদৰ বিৰোধিতা কৰি ভাৰতৰ মহামান্য উচ্চতম ন্যায়ালয়ে প্রদান কৰা ৰায়দানক অৱমাননা কৰা কাৰ্যত সংগঠনকেইটি বিস্মিত হৈছে।
এনে প্রেক্ষাপটত সংগঠনকেইটিয়ে সংবাদমেল সম্বোধন কৰি নিম্নলিখিত দাবীসমূহ উত্থাপন কৰি শীঘ্ৰেই সমাধনৰ পোষকতা কৰি সৰ্বস্তৰৰ ৰাইজক প্রান্তীয় লোকসকলৰ স’তে সংহতি প্রদানৰ আহ্বান জনাইছে। তেওঁলোকৰ দাবী উত্তৰ পূব সীমান্ত ৰেলৱে বিকল্প বাসস্থানৰ ব্যৱস্থা নোহোৱা পর্যন্ত ৰেলৱেৰ ভূমিৰ পৰা নাগৰিকসকলক উচ্ছেদ কৰাব পৰা বিৰত থাকক, অসম চৰকাবে অতি শীঘ্রে এইসকল লোকৰ জীৱিকাৰ ক্ষতি নোহোৱাকৈ বিকল্প বাসস্থানৰ ব্যৱস্থা কৰক ৷






























