Wild Elephant injured in Goalpara :
গোৱালপাৰাৰ বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চলত কেইদিনমান পূবৰে পৰা এটি আঘাতপ্রাপ্ত বনৰীয়া হাতী বিচৰণ কৰি ফুৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় গঞাই ৷ এই সম্পৰ্কে আঘাতপ্ৰাপ্ত হাতীটোৰ তাৎক্ষণিক চিকিৎসাৰ বাবে গঞাই বন বিভাগক অবগত কৰে ৷ যাৰবাবে সোমবাৰে বন বিভাগৰ অভিযানকাৰী দলে বন্যহস্তীটোৰ ট্ৰেংকুলাইজ কৰিবৰ বুঢ়াবুঢ়ী সংৰক্ষিত বনাঞ্চলত অভিযান চলাই যদিও ঘন জংঘলৰ ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম নহ’ল ।
ADVERTISEMENT
মঙলবাৰে পুৱাভাগৰ পৰা পুনৰ বন বিভাগৰ দলে কুন্তী হাতী মণিমালা আৰু জয়মালাক লৈ অভিযান আৰম্ভ কৰিছে ৷






























