Earthquake: ✒️ভূমিকম্পত কঁপি উঠিল হিমাচল প্ৰদেশৰ চাম্বা। বুধবাৰে পুৱা দুটাকৈ ভূমিকম্পই জোঁকাৰি গ’ল হিমাচল প্ৰদেশ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪।
অৱশ্যে ভূমিকম্পৰ ফলত কোনো ক্ষতি হোৱাৰ খবৰ পোৱা নাই।ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বুধবাৰে পুৱা ৩:২৭ বজাত হিমাচল প্ৰদেশৰ চাম্বাত ৩.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভৱ কৰা হয়।
ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূপৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ তলত আছিল।
এই কম্পনৰ প্ৰায় এঘণ্টাৰ পাছতে পুনৰ কঁপি উঠে মাটি। দ্বিতীয়টো কম্পন পুৱা ৪:৩৯ বজাত অনুভৱ হয়। ইয়াৰ মাত্ৰা আছিল ৪.০। ইয়াৰ গভীৰতাত ১০ কিলোমিটাৰ তলত।
হিমাচলত বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে।ইয়াৰ সমান্তৰালকৈ ডাৱৰ বিস্ফোৰণ, আকস্মিক বান আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হৈয়েই আছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি ২০ জুনৰ পৰা বাৰিষা সম্পৰ্কীয় কাৰণত প্ৰায় ২৭৬ জন লোকৰ মৃত্যু হৈছে।






























