GMCH:✒️গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)ৰ নৱজাতকৰ আইচিইউৰ বিছনাৰ পৰা সৰি তাঁৰত ওলমি থকাৰ পাছত দুর্ভাগ্যজনকভারে প্রাণ হেৰুওৱা চাৰিদিনীয়া দেৱশিশুৰ মৃতদেহ মঙলবাৰে পিতৃক হস্তান্তৰ কৰা হয়।
চিকিৎসক আৰু চিকিৎসাকর্মীৰ অক্ষমণীয় গাফিলতিত জন্মদাতা পিতৃ-মাতৃৰ স’তে পৰিচয় ঘটাৰ পূর্বেই অজান মুলুকলৈ গতি কৰা কণমাণিটিৰ মাতৃয়ে ৪৮ ঘণ্টাৰ পাছতো তেওঁ জন্ম দিয়া শিশুটি এই পৃথিৱীত নথকাৰ খবৰেই পোৱা নাই।
সন্তান জন্মৰ পাছত গুৰুতৰভাবে অসুস্থ হোৱা মাতৃ স্মিতা ডেকা সম্প্রতি আইচিইউত চিকিৎসাধীন হৈ আছে। উল্লেখ্য যে বিবাহৰ বহু বছৰ পাছত দুৰ্ভগীয়া দম্পতীয়ে যোৱা ১৫ আগষ্টৰ দুপৰীয়া সন্তানৰ মুখ দেখিবলৈ সক্ষম হৈছিল। সেই সন্তানটিকো এই পৃথিৱীৰ পৰা বিদায় দিলে জিএমচিএইছ কর্তৃপক্ষৰ গাফিলতিয়ে।
ইপিনে, অত্যাধুনিক বুলি দাবী কৰা জিএমচিএইছৰ চিকিৎসা আন্তঃগাঁথনি অতি জোবা-টাপলিৰে চলি আহিছে। সেই কথাও এই দুর্ভাগ্যজনক ঘটনাই উদঙাই দিলে। চিকিৎসা মহাবিদ্যালয়ৰ সূত্রই এই প্রসংগতে কালিৰ অতি বেদনাদায়ক ঘটনাটোক লৈ সদৰী কৰে এক গুৰুতৰ তথ্য।
অভিযোগ অনুসৰি, নৱজাতকৰ আইচিইউৰ যিখন চিকিৎসা বিছনাৰ পৰা পৰি উৎপল বৰদলৈ আৰু স্মিতা ডেকাৰ চাৰিদিনীয়া কন্যা শিশুটি ওলমি বৈছিল, সেইখন অতি জৰাজীর্ণ আছিল।
নবজাতকটিক থোৱা চিকিৎসা বিছনাখনৰ এটা কোণ খহি পৰিছিল। ফলত নবজাতকটি হাউলি পৰা অংশৰে বাগৰি পৰিছিল আৰু বিছনাৰ লগত সংলগ্ন হৈ থকা তাঁৰত গাঁঠি লাগি ওলমি বৈছিল।
তেনেদৰে একেলগে বখা আন দুটি শিশু মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি হাউলি পৰিছিল। অভিযোগ অনুসৰি, আইচিইউ কক্ষতো কে’বাখনো বিছনাৰ অবস্থা অতি জৰাজীর্ণ। জোৰা-টাপলি মাৰিহে বিছনাকেইখন ব্যৱহাৰ কৰি থকা হৈছে।
চর্চা অনুসৰি, শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে আইচিইউ কক্ষটো পৰিদৰ্শনৰ পূর্বে চিকিৎসালয় কর্তৃপক্ষই সেইখন চিকিৎসা বিছনা ততাতৈয়াকৈ সলনি কৰে। কালিৰ ঘটনাটোৱে এই কথা স্পষ্ট কৰিছে যে সম্পূর্ণ দায়িত্বহীন আৰু অৱজ্ঞাৰ মানসিকতাবে একাংশ চিকিৎসক আৰু চিকিৎসা কর্মীয়ে নিজৰ দায়িত্ব পালন কৰি আহিছে।
সেইবাবে আইচিইউটোত চিকিৎসা বিছনা খালী থকা সত্ত্বেও একেখন বিছনাতে তিনিটিকৈ অসুস্থ শিশুক ৰখা হৈছিল। তাৰ পৰিণতিত সংঘটিত দুর্বিষহ ঘটনাটো এক অক্ষমণীয় অপৰাধ বুলি স্বয়ং মুখ্যমন্ত্রীয়েও মন্তব্য কৰিবলৈ বাধ্য হয়।






























