Delhi :✒️দিল্লী স্কুলত পুনৰ বোমাৰ আতংক। বুধবাৰে পুৱা মালবিয়ানগৰ আৰু কেৰল বাগৰ দুখন বিদ্যালয়ক ইমেইলযোগে ভাবুকি দিয়া হয়। তাৰ পাছতে দ্ৰুত গতিত বিদ্যালয়সমূহ খালী কৰা হয়।
বোমা স্কোয়াডৰ অনুসন্ধান অব্যাহত আছে। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে সন্দেহজনক একো পোৱা নাই।
প্ৰসংগক্ৰমে সোমবাৰে কমেও ৩২খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া হৈছিল। অৱশ্যে পাছত পোহৰলৈ আহিল যে এই সকলোবোৰ এক উৰা বাতৰি।
দুদিনমানৰ ভিতৰতে আৰু দুখন বিদ্যালয়লৈও একে ভাবুকি আহে। এখন আছিল মালবিয়ানগৰৰ এছ কে ভি স্কুল। আনখন আছিল কেৰল বাগৰ অন্ধ্ৰ স্কুল।
ভাবুকি পোৱাৰ লগে লগে দুয়োখন বিদ্যালয়ৰ কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰে। আৰক্ষীক খবৰ দিয়া হ’ল। লগে লগে দুয়োখন বিদ্যালয়তে স্নিফাৰ ডগ আৰু বোমা নিষ্কাশন স্কোয়াড মোতায়েন কৰা হয়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হয়।
আৰক্ষীয়ে বিদ্যালয় আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত তালাচী চলায় যদিও সন্দেহজনক একো পোৱা নগ’ল।






























