Afghanistan:✒️আফগানিস্তানত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু মটৰ চাইকেলৰ সংঘৰ্ষত জুই লাগিল এখন বাছ। প্ৰাপ্ত তথ্য অনুসৰি ঘটনাটোত কমেও ৭১ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছিল ১৭টা শিশু।
ইৰাণৰ পৰা বহিষ্কৃত আফগানৰ এটা দল বাছত কাবুললৈ গৈ আছিল। হঠাতে এক দুৰ্ঘটনা হঠাতে সংঘটিত হয়।
আফগানৰ পশ্চিম প্ৰদেশ হেৰাটত সংঘটিত হয় এই দুৰ্ঘটনা। তাত থকা আৰক্ষীয়ে জনোৱা মতে, মঙলবাৰে এই দুৰ্ঘটনা সংঘটিত হয়। বাছখন তীব্ৰ বেগেৰে গৈ থকা বুলি অভিযোগ উত্থাপন হৈছে।
দুৰ্ঘটনাৰ কাৰণ “চালকৰ গাফিলতি” বুলিও কোৱা হৈছে।দুৰ্ঘটনাটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে, য’ত বাছখন জুইৰে আগুৰি ধৰিছে।
হেৰাট প্ৰাদেশিক প্ৰশাসনৰ মুখপাত্ৰ মহম্মদ ইউছুফ জাইদীয়ে কয় যে বাছখনত থকা আটাইকেইজন যাত্ৰী প্ৰব্ৰজনকাৰী। ইৰাণৰ পৰা সীমান্ত পাৰ হৈ কাবুললৈ গৈ আছিল।
যদিও গন্তব্য স্থান পোৱাৰ আগতেই সংঘটিত হয় এই দুৰ্ঘটনা।






























