Chabua Accident:
চাবুৱাৰ জেৰাইগাঁৱত ৰাজপথত হঠাতে ৰাইজৰ হেতাওপৰা ৷ কিয়নো ৰাজপথত মাছেই মাছ ৷ এই মাছ ল’বলৈ ৰাইজৰ মাজত হেতাওপৰা ৷
আচলতে বুধবাৰে জেৰাইগাঁৱত ৰাজপথত মাছ কঢ়িয়াই নিয়া বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ৷ ফলত ৰাজপথত সিচৰিত হৈ পৰে মাছ ৷ এই মাছ বুটলিবলৈকে স্থানীয় ৰাইজৰ মাজত হেতাওপৰা লাগে ৷ যোনে যেনেকৈ পাৰে মাছ লৈ গৃহাভিমুখী হয় ৷ অৱশ্যে পিছত আৰক্ষী আহি মাছ ধৰাত বাধাৰোপ কৰে ৷
ADVERTISEMENT





























