Dergaon Fire:
দেৰগাঁও চহৰৰ মাজমজিয়াত থকা এটা পেট্ৰ’ল পাম্পত নিশা বিধ্বংসী অগ্নিকাণ্ড ৷ ইণ্ডিয়ান অইলৰ পেট্ৰ’ল পাম্পৰ চৌহদতে থকা কৰ্মচাৰীৰ আবাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডত বিস্ফোৰিত হয় এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷ চিলিণ্ডাৰটো বিস্ফোৰণৰ পিছত বৃদ্ধি পাই জুইৰ প্ৰকোপ ৷ ফলত কৰ্মচাৰীৰ আবাসগৃহৰ কাষতে থকা এটা গোহালিৰ তিনিটাকৈ গোধন অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাবটি লয় ।
আনহাতে বিধ্বংসী অগ্নিকাণ্ডৰ ফলত পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীৰ আবাস গৃহ ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় দেৰগাঁও,নুমলীগড় আৰু গোলাঘাট পৰা অহা অগ্নি নির্বাপক গাড়ী ৷ অগ্নিনির্বাপক বাহিনীৰ জোৱানে অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷






























