Dhemaji:
অৱশেষত হত্যাৰ চাৰি বছৰৰ অন্তত ন্যায় পোৱাৰ দিশে ধেমাজীৰ মৰিঢল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ পৰিয়াল ৷ সুদীৰ্ঘ চাৰিবছৰৰ পাছত ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে ৷ ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে ঘাতক ৰিন্টু শৰ্মাক ৷ বৃহস্পতিবাৰে সত্র ন্যায়ধীশৰ আদালতে ঘোষণা কৰিব হত্যাকাৰী ৰিন্টু শৰ্মাৰ শাস্তি ৷
উল্লেখ্য যে২০২১ৰ ২১ আগষ্টত নন্দিতাক দাৰে উপযুপৰি ঘপিয়াইছিল ৰিন্টু শৰ্মা নামৰ যুৱকজনে । সংকটজনক অৱস্থাত নন্দিনীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা যদিও ৪ দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে ৷ ঘাতক ৰিন্টু শৰ্মা নন্দিতাই অধ্যয়ন কৰা মৰিঢল মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰৰ কৰ্মচাৰী আছিল ৷ঘটনাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল ৰিন্টু শৰ্মাক ৷
সুদীৰ্ঘ চাৰিবছৰৰ পাছত ধেমাজি জিলা সত্র ন্যায়ধীশৰ আদালতে বুধবাৰে হত্যাকাৰী ৰিন্টু শৰ্মাক দোষী সাব্যস্ত কৰে ৷ ভাৰতীয় দণ্ড বিধি ৩৪১/৩২৬/৩০৭/৩০২ৰ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে ঘাতক ৰিন্টু শৰ্মাক ৷ বৃহস্পতিবাৰে সত্র ন্যায়ধীশৰ আদালতে ঘোষণা কৰিব হত্যাকাৰী ৰিন্টু শৰ্মাৰ শাস্তি ৷






























