Digboi:
পথ দুৰ্ঘটনাত শোকাৱহ মৃত্যু ডিগবৈ তেল শোধনাগাৰৰ জ্যেষ্ঠ কৰ্মচাৰী ৰাজেন চুতীয়া। নিশা প্ৰায় ৯-৫০ বজাত ডিউটিলৈ বুলি গৈ থাকোতে স্কুটিৰ পৰা পৰি মুৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। স্থানীয় লোক আৰু পৰিয়ালৰ সহযোগত তাৎক্ষণিকভাৱে আইঅচি হস্পিতাললৈ নিয়া হৈছিল যদিও ডাক্তৰে মৃত ঘোষণা কৰে i ৰাজেন চুতীয়া আইঅচি লেবাৰ ইউনিয়নৰ উপ-সভাপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ৰাজেন চুতীয়াই মৃত্যুৰ সময়ত পত্নী সহ দুটা পুত্ৰ সন্তানক এৰি থৈ যায়। ৰাজেন চুতীয়াৰ মৃত্যুত সমগ্ৰ ডিগবৈত শোকৰ ছাঁ পৰিছে ৷
ADVERTISEMENT






























