Latmandal Suspension in Tezpur:
ধন আত্মসাতৰ অভিযোগত নিলম্বন তেজপুৰ ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত লাট মণ্ডল লোচন বৰা ৷ জ্যোতি দেৱী কেওঁট নামৰ এগৰাকী মহিলাই মণ্ডল বৰাৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ কৰি থানাত দাখিল কৰিছিল এজাহাৰ ৷
ADVERTISEMENT
মহিলা গৰাকীয়ে এজাহাৰ দাখিলৰ পিছৰে পৰা কাৰ্যালয়ত অকৰ্তৃত্বশীল ভাবে অনুপস্থিত আছিল লাট মণ্ডল লোচন বৰা ৷ যাৰবাবে জিলা আয়ুক্ত তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ কালি চাকৰিৰ পৰা নিলম্বন কৰে লাটমণ্ডল গৰাকীক ৷






























