Alaska :✒️আলাস্কাত ৰেড কাৰ্পেটেৰে পুটিনক আদৰণি জনায় ট্ৰাম্পে। যদিও কোটি কোটি টকা নগদ ধন দি ঘৰলৈ উভতি যাবলগীয়া হ’ল পুটিনে। কিয় ঘটিল এই ঘটনা?
আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই জনাইছে যে, পুটিনে নগদ দুই লাখ ৫০ হেজাৰ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ২২ কোটি টকা আমেৰিকাক দি আলাস্কাৰ পৰা ঘৰলৈ উভতি আহে।
ট্ৰাম্পৰ স’তে এক অতি গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ১৫ আগষ্টত আলাস্কাত উপস্থিত হৈছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকী।
মহা শক্তিধৰ নেতা দুজনে যুদ্ধৰ সমাধান বিচাৰি উলিওৱাত ব্যস্ত হৈ থকাৰ সময়তে পুটিনৰ প্ৰতিনিধি দলে উন্মাদভাৱে দুই লাখ ৫০ হেজাৰ ডলাৰ নগদ ধন বিচাছিল।
ৰুবিঅ’ই কয় যে আলাস্কাৰ পৰা উভতি আহিবলৈ পুটিনৰ বিমানত ইন্ধন ভৰোৱাৰ প্ৰয়োজন। কিন্তু ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে তেওঁলোকে আমেৰিকাৰ বেংকিং ব্যৱস্থা ব্যৱহাৰ কৰিব নোৱাৰিলে।
গতিকে পুটিনৰ সহযোগীসকলে নগদ ধন দিবলৈ বাধ্য হ’ল।আৰু সেইবাবেই পুটিনৰ সহায়কসকলে সেই ধন নগদ ধন দিবলৈ বাধ্য হ’ল।
ৰুবিঅ’ই জনাইছে যে পুটিনে নিজেই আমেৰিকাৰ সকলো নিষেধাজ্ঞাৰ “সোৱাদ” লৈছে।






























