Uttarakhan:✒️উত্তৰাখণ্ডত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। শিক্ষকলৈ গুলীচালনা নৱম শ্ৰেণীৰ ছাত্ৰৰ। গুৰুতৰভাৱে আহত শিক্ষকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
প্ৰাপ্ত তথ্য অনুসৰি, আহত শিক্ষকজনৰ নাম গংগনদীপ সিং কোহলী। উত্তৰাখণ্ডৰ উধম সিং জিলাৰ এখন বিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেওঁ।
শিক্ষকগৰাকীয়ে অলপতে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰক চৰ মাৰিছিল। বুধবাৰে ছাত্ৰজনে প্ৰতিশোধ ল’বলৈ টিফিন বক্সৰ ভিতৰত পিষ্টল আনিছিল।
আৰু পিছফালৰ পৰা গংগনদীপক গুলীচালনা কৰে। গুলীটো পিঠিত সোমাই ডিঙিত সোমাই । আহত শিক্ষকজনক ততাতৈয়াকৈ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তাৰ পাছতে তেওঁক জৰুৰীকালীন অস্ত্ৰোপচাৰ কৰা হৈছিল।ভাৰপ্ৰাপ্ত চিকিৎসক মায়ংক আগৰৱালাই কয় যে তেওঁলোকে অস্ত্ৰোপচাৰৰ সময়ত গুলী আঁতৰোৱাত সফল হৈছিল।
শিক্ষক গংগনদীপ সিং কোহলীৰ অৱস্থা বৰ্তমান স্থিতিশীল। তেওঁক পৰ্যবেক্ষণৰ বাবে আই চি ইউলৈ স্থানান্তৰ কৰা হ’ব পাৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি সমৰ্থ বাজৱা নামৰ ছাত্ৰজন টিফিন বাকচত লুকুৱাই থোৱা পিষ্টল লৈ বিদ্যালয়লৈ আহিছিল। টিফিনৰ সময়ত যেতিয়া গংগনদীপ সিং কোহলি শ্ৰেণীকোঠাৰ পৰা ওলাই আহিছিল তেতিয়া অভিযুক্ত ছাত্ৰজনে অস্ত্ৰটো উলিয়াই গুলীচালনা কৰে।
প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি গুলীচালনাৰ পাছত ছাত্ৰজনে পলাবলৈ চেষ্টা কৰে যদিও আন শিক্ষকে তেওঁক আটক কৰি আৰক্ষীক গতাই দিয়ে।
আৰক্ষীয়ে নাবালক ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১০৯ ধাৰাত গোচৰ ৰুজু কৰিছে। নৱম শ্ৰেণীৰ ছাত্ৰজনে কেনেদৰে অস্ত্ৰটো লাভ কৰিলে তদন্ত কৰি আছে। আৰক্ষীয়ে ইতিমধ্যেই পিষ্টলটো উদ্ধাৰ কৰিছে।






























