jammu and kashmir:✒️বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ পথত জম্মুত দ খাৱৈত বাগৰি পৰিল তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ। দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৯ জন তীৰ্থযাত্ৰী আহত হয়। আহত তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ কাৰ্যালয়ে এক্স হেণ্ডেলক ঘটনাটোতক লৈ শোক প্ৰকাশ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি,বাছখনে উত্তৰ প্ৰদেশৰ কাত্ৰাৰ পৰা বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থযাত্ৰীৰ দল এটা লৈ আহিছিল।
জম্মুৰ পৰা পাথানকোট ঘাইপথত গৈ থকা অৱস্থাতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গাড়ীখন ২০ ফুট দ খাৱৈত পৰে।
ইতিমধ্যে এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, এই দুৰ্ঘটনাত ৩৯ জন লোক আহত হয়। ইয়াৰে বহুতৰে অৱস্থা সংকটজনক।
চাম্বাৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহতসকল। গুৰুতৰভাৱে আহত সাতগৰাকী তীৰ্থযাত্ৰীক বিজয়পুৰ এইমছ হাস্পতাললৈ লৈ যোৱা হৈছে।






























