Wild Elephant Injured in Buhapahar:
কলিয়াবৰ বুঢ়াপাহাৰত অঘটন ৷ দেওচুৰ গাঁৱৰ এটা কেচা কুঁৱাত পৰি চটফটাই আছে এটা বনৰীয়া হাতী । যোৱা নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি দেওচুৰ গাঁৱৰ ৰাইজে পানী খাবলৈ খান্দি থোৱা এটা কেচা কুঁৱাত সোমাই যায় বন্যহস্তীটো ।
বৃহস্পতিবাৰে পুৱা খবৰ পোৱাৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনবিভাগে ঘটনাস্থলীত উপস্থিত হৈ হাতীটো উদ্ধাৰৰ বাবে আৰম্ভ কৰিছে অভিযান । একেদৰে জখলাবন্ধা বন বিভাগো ঘটনাস্থলীত উপস্থিত হ’বৰ বাবে জেচিবিৰে পথ নিৰ্মাণত উঠিপৰি লাগিছে ।আনহাতে হাতীটোৱে যথেষ্ট কষ্ট পোৱাৰ বাবে চিকিৎসাৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাৰ পশু চিকিৎসকৰ বিশেষজ্ঞ দলো ইতিমধ্যে উপস্থিত হৈছেহি ঘটনাস্থলী ।
শেহতীয়া খবৰ অনুসৰি বন বিভাগৰ অহৰহ চেষ্টাৰ অন্তত হাতীটো সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।পশু চিকিৎসকৰ দলে ততালিকে হাতীটো পৰীক্ষা কৰি সুস্থ বুলি জানিবলৈ দিয়ে ৷ হাতীটো জংঘললৈ উভতি নোযোৱালৈকে বন বিভাগৰ দলেতীক্ষ্ণ নিৰীক্ষণত ৰাখিব বুলি জানিব পৰা গৈছে ৷
ADVERTISEMENT






























