Horoscope:✒️মেষঃ শাৰীৰিক আৰু মানসিক উদ্বেগ এৰাব পৰা টান হ’ব। ব্যৱসায় উন্নতিৰ কাৰণে কৰ্মস্থানৰ ব্যস্ততাৰ সুফল। পাৰিবাৰিক দিশৰ অশান্তি হ’ব পাৰে। শুভ ৰং কমলা, শুভ সংখ্যা ২।
বৃষ: কর্মস্থানত বিশেষ জটিলতা দেখা যায়। চেষ্টাকাৰীয়ে নতুন সংস্থাপনৰ বাবে আশা কৰিব পাৰে। ভাই-ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।
মিথুন: দিনটোত কোনো কাৰণে শুভ বুদ্ধিৰ উদয় হ’ব। আনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ অভাৱৰ সুযোগ দেখা যাব। আর্থিক উন্নতিৰ শুভ ভাল সময়। শুভ ৰং বগা, শুভ সংখ্যা ৭।
কর্কট: দিনটো আৰম্ভণিৰ পৰা মানসিকভাৱে কষ্ট পাব পাৰে। বিদ্যার্থীসকলৰ বাবে ভাল সময়। প্ৰেমৰ দিশত বাধা দেখা যায়। নতুন বন্ধুৰ বাবে আনন্দ লাভ। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
সিংহ: ঘৰুৱা দিশত শান্তি লাভ। শত্ৰুৰ পৰা সাৱধানে থাকক। কোনো আশা নষ্ট হ’ব পাৰে। সম্পত্তি লৈ ঘৰৰ বিবাদ হ’ব পাৰে। অধীৰ আগ্ৰহেৰে কোনো অনিশ্চিত কামৰ বাবে চেষ্টা নকৰি গতানুগতিক বিভিন্ন কামত মন দিয়াটো ভাল। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
কন্যা: নিজ মাতৃৰ বাবে সামান্য চিন্তা। বিদ্যার্থীয়ে অতি দৰকাৰী কাৰ্যত গুৰুত্ব দিয়ক। দাম্পত্যৰ তেনে আভাস আছে। কর্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিব পাৰে। শুভ ৰং বেগুনীয়া, শুভ সংখ্যা ২।
তুলা: আর্থিক দিশত অশান্তি হ’ব পাৰে। কোনো খবৰত বৰ সুখী নহ’ব। কর্মতো মন চঞ্চল হ’ব পাৰে। বিদ্যাতো চিন্তা কম যদিও ব্যস্ততা থাকিব। প্রেমত শুভ ফল। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮।
বৃশ্চিক: নিজৰ ভাব সৃষ্টিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব। কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িলে খুব আহুকালত পৰিব নালাগিব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
ধনুঃ ক্রমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায়। বিয়া-বাৰুৰ কথা-বতৰাত আগুৱাব. সুকুমাৰ কলা শিল্পৰ অনূকূল। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৩।
মকৰ: আনৰ কথা শুনি কোনো ধৰণৰ কাম আৰম্ভ নকৰিব। বিপদ হ’ব পাৰে। সাংসাৰিক অশান্তি বাঢ়িব। শুভ কাম কৰাৰ সিদ্ধান্ত হ’ব পাৰে। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
কুম্ভ: সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। ব্যৱসায়ত লেনদেন কৰোতে সাৱধান হ’ব। ঘৰৰ পৰা মূল্যৱান বস্তু হেৰুৱাব পাৰে। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬।
মীন: ব্যৱসায়ত কিছু সমস্যা আছে যদিও আৰু সমস্যা হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান থাকক। খৰচ বৃদ্ধি, আনক সহায় কৰি সন্মান পাব। চাকৰি স্থায়ীকৰণ হ’ব। সাংসাৰিক অশান্তি বাঢ়িব। শুভ ৰং মাখন, শুভ সংখ্যা ৪।
