Donald Trump: ✒️ড’নাল্ড ট্ৰাম্প প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ বিতাড়ন কৰিবলৈ আৰম্ভ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ট্ৰাম্পে জনাইছিল যে আমেৰিকাত অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে ঠাই নাথাকিব!
কেৱল সেয়াই নহয়, তেওঁৰ প্ৰশাসনেও বিভিন্ন ভিছাত আমেৰিকালৈ যোৱা লোকৰ ওপৰতে সৃষ্টি ৰাখিছে। এইবাৰ আমেৰিকা প্ৰশাসনে পাঁচ কোটি ভিছাৰ পুনৰীক্ষণ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে।
এই প্ৰক্ৰিয়াৰ সময়ত বহু আমেৰিকান অনুপ্ৰৱেশকাৰীৰ ভিছা বাতিল হ’ব পাৰে বুলি আশংকা কৰা হৈছে।
ভিছাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি ঘোষণা কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে। বিভাগটোৰ এজন বিষয়াই জনাইছে যে, “আমেৰিকাত থাকিবলৈ ভিছা দিয়া হয়।কিন্তু তাৰ অৰ্থ হ’ল ভিছাৰ ম্যাদ উকলি যোৱাৰ পাছত আমেৰিকাত থকাসকলক চিনাক্ত কৰিবলৈ এই পৰীক্ষণ অতি গুৰুত্বপূৰ্ণ।’
কেৱল সেয়াই নহয়, যদি কোনোবাই ভিছা লৈ আমেৰিকাত প্ৰৱেশ কৰে আৰু যিকোনো অপৰাধমূলক কামত জড়িত হয় তেন্তে আমেৰিকা প্ৰশাসনে তেওঁলোকক চিনাক্ত কৰিব।
আমেৰিকাৰ বিদেশ মন্ত্ৰালয়েও সেই ভিছাসমূহ যিকোনো সময়তে বাতিল কৰিব পাৰিব বুলি জনাইছে।






























