Security Breach:✒️পুনৰ নিৰাপত্তাৰক্ষী বেষ্টনী ভাঙি সংসদ চৌহদত প্ৰৱেশ কৰে এজন যুৱকে। অৱশ্যে নিৰাপত্তাৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে তেওঁক আটক কৰি ৰখা হয়। সূত্ৰ অনুসৰি যুৱকজনক সোধা-পোছা কৰা হৈছে।
প্ৰসংগক্ৰমে দুবছৰ পূৰ্বে ২০২৩ চনৰ ১৩ ডিচেম্বৰত দুজন লোকে ‘ৰঙীন বোমা’ লৈ সংসদৰ গেলেৰীত প্ৰৱেশ কৰিছিল। সেই ঘটনাৰ পাছতে সংসদ আৰু সাংসদসকলৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হয়।
সেই ঘটনাৰ স্মৃতি পুনৰ সজীৱ কৰি সংসদ ভৱনৰ দেৱালৰ ওপৰেৰে এজন অচিনাক্ত যুৱকে প্ৰৱেশ কৰে ।
সূত্ৰ অনুসৰি আজি পুৱা প্ৰায় ৬:৩০ বজাত এজন যুৱকে গছত উঠি সংসদ ভৱনৰ বেৰত উঠে। সংসদৰ ৰেল ভৱনৰ ফালে থকা বেৰখনেৰে তেওঁ নতুন সংসদ ভৱনৰ গেটত প্ৰৱেশ কৰে।
নিৰাপত্তাৰক্ষীয়ে যুৱকজনক লক্ষ্য কৰাৰ লগে লগে আটক কৰে।প্ৰসংগক্ৰমে বৃহস্পতিবাৰে সামৰণি পৰে সংসদীয় অধিৱেশন। আজি এই ঘটনাৰ পাছত ইতিমধ্যে পুনৰ নিৰাপত্তা পৰিস্থিতিক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে , অচিনাক্ত যুৱকজনে কিয় নিৰাপত্তাৰক্ষী বেষ্টনী ভাঙি সংসদ চৌহদত প্ৰৱেশ কৰে তাক লৈ সন্ধান অব্যাহত আছে।






























