Maharastra:ঔষধ কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত গেছৰ ফলত চাৰি শ্ৰমিকৰ মৃত্যু। অসুস্থ কমেও দুজন। মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে বিয়লি পালঘৰ জিলাৰ তাৰাপুৰ-বৈছাৰ উদ্যোগিক তালুক এলেকাত সংঘটিত হয় এই ঘটনা। ফাৰ্মাচিউটিকেল ফেক্টৰীত নাইট্ৰজেন গেছ নিৰ্গত হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়।
বিষয়াসকলে জনোৱা মতে, গেছ নিৰ্গত হোৱাৰ তথ্য লাভ কৰি স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকে সেই স্থানত উপস্থিত হয়। ততাতৈয়াকৈ অসুস্থ শ্ৰমিকক উদ্ধাৰ চিকিৎসালয়লৈ লৈ যায় আৰু তাৰে চাৰিজনক মৃত ঘোষণা কৰে।
আৰক্ষী সূত্ৰ অনুসৰি, মুম্বাইৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ নিলগৰ ঔদ্যোগিক এলেকাৰ মেডলি ফাৰ্মাচিউটিকেলছ কাৰখানাত বিয়লি ২:৩০ৰ পৰা তিনি বজাৰ ভিতৰত সংঘটিত হয় এই ঘটনা।
বিষয়াসকলৰ মতে, বিভিন্ন ধৰণৰ পৰজীৱী কৃমি সংক্ৰমণৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা এলবেণ্ডাজ’ল উৎপাদনৰ সময়ত টেংকৰ পৰা নাইট্ৰ’জেন গেছ লিক হৈছিল, যাৰ ফলত তাত অক্সিজেন উৎপাদন ক্ষমতা হ্ৰাস পাইছিল।
আৰক্ষীয়ে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে। ঔদ্যোগিক সুৰক্ষা আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলেও তদন্তত যোগদান কৰিছে।
পালঘৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা মুৰব্বী বিবেকানন্দ কদমে কয় যে গেছ কেনেকৈ নিৰ্গত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কাৰখানাটোত কোনো নিৰাপত্তাজনিত কোনো গাফিলতি হৈছে নেকি তাৰ তদন্ত অব্যাহত আছে।






























