Bollywood:✒️অৰমেক্স মিডিয়াই ভাৰতৰ সবাতোকৈ জনপ্রিয় শীর্ষ ১০ পুৰুষ অভিনেতাৰ এক তালিকা প্রকাশ কৰিলে। এই তালিকাত দক্ষিণৰ অভিনেতাৰ আধিপত্য প্রত্যক্ষ হ’ল।
জনপ্রিয়তাৰ ক্ষেত্ৰত বলিউড মহাতাবকা শ্বাহৰুখ খান, ছলমান খানকো পিছ পেলাই শীৰ্ষত স্থান লাভ কৰিলে দক্ষিণ ভাৰতীয় চলচ্চিত্র অভিনেতাই।
অৰমেক্স মিডিয়াৰ এই তালিকাত প্রথম স্থান লাভ কৰিলে দক্ষিণ ভাৰতৰ মহাতাৰকা অভিনেতা প্রভাসে। দ্বিতীয় স্থানত আছে দক্ষিণৰ অভিনেতা বিজয়। তৃতীয় স্থান লাভ কৰিলে বলিউড অভিনেতা শ্বাহৰুখ খানে।
চতুর্থ স্থানত অল্লু অর্জুন, পঞ্চম স্থানত অজিত কুমাৰ, ষষ্ঠ স্থানত মহেশ বাবু, সপ্তম স্থানত জুনিয়ৰ এনটিআৰ, অষ্টম স্থানত ৰামচৰণ, নৱম স্থানত ছলমান খান আৰু দশম স্থানত পবন কল্যাণ অন্তর্ভুক্ত হ’ল। এই তালিকাত স্থান লাভ নকৰিলে বলিউড অভিনেতা অক্ষয় কুমাৰে






























