Alliance Air:
সৌভাগ্যবশতঃহে হানি-বিঘিনি নঘটাকৈ ৰক্ষা পৰিল গুৱাহাটী-কলকাতাৰ মাজত চলাচল কৰা এখন বিমানৰ যাত্ৰীসকল। বুধবাৰে দুপৰীয়া এলায়েন্স এয়াৰ বিমান সংস্থাৰ ৯১৭৫৬ বিমানখনে যাত্রা কৰি থকা অৱস্থাত মাজআকাশত বিমানখনত কাৰিকৰী বিজুতি ঘটে। লগে লগে বৈমানিকে বিমানখনৰ যাত্রাপথ সলনি কৰি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠলৈ যাত্রা কৰে।
অৱশেষত বিমানখনে নিৰাপদে বৰঝাৰ বিমানকোঠত অৱতৰণ কৰে। তেতিয়াহে বিমানখনৰ যাত্রী তথা বিমান কৰ্মচাৰীসকলৰ লগতে সংশ্লিষ্ট সকলোৱে স্বস্তিৰ নিশ্বাস এৰে। বিমানখনত কাৰিকৰী বিজুতি ঘটাৰ তথ্য পোৱাৰ পাছতে বৰঝাৰ বিমানকোঠত কমেও এঘণ্টা সময়ৰ বাবে সম্পূর্ণ জৰুৰী অৱস্থা ঘোষণা কৰে কর্তৃপক্ষই। এই কথা সদৰী কৰি বিমানকোঠৰ এজন বিষয়াই জনায় যে বুধবাৰে আবেলি ১-৪২ বজাত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানকোঠত সম্পূর্ণ জৰুৰী অৱস্থা ঘোষণা কৰা হয়।
পাছত বিমানখনে নিৰাপদে ২-২৭ বজাত অৱতৰণ কৰে। এই সম্পূর্ণ জৰুৰী অৱস্থা ২-৪০ বজাত বাতিল কৰা হয়। বিমানকোঠ কর্তৃপক্ষই জনোৱা মতে, মাজ আকাশত কাৰিকৰী বিজুতি ঘটা বিমানখনৰ পৰা অৱতৰণৰ পাছত নিৰাপদে সকলো যাত্রীক নমোৱা হয়। সাৱধানতামূলক পদক্ষেপৰূপে বিমানখন নির্দিষ্ট নিয়ম মানি চলি অৱতৰণ কৰোৱা হয় বুলি প্রকাশ কৰিছে এলায়েন্স এয়াৰে। সংস্থাটোৱে লগতে দাবী কৰিছে যে তেওঁলোক নিৰাপত্তাৰ সৰ্বোচ্চ মান বতাই ৰখা প্রতি প্রতিজ্ঞাবদ্ধ।
যাত্ৰাৰ পূর্বে সকলো বিমানৰে নিয়মীয়া আৰু কঠোৰভাৱে নিৰাপত্তাৰ দিশ পৰীক্ষা কৰা হয় বুলি সংস্থাটোৱে প্রকাশ কৰিছে। উল্লেখ্য যে যোৱা ছয় আগষ্টত কেন্দ্রীয় অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মহলে ৰাজ্যসভাক জনায় যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা জুলাইলৈ দেশত বিমানৰ ছটা ইঞ্জিন বন্ধ হোৱাৰ ঘটনা সংঘটিত হয়। তদুপৰি উক্ত সময়ছোৱাত উৰি থকা বিমানৰ পৰা বিমানকোঠৰ কৰ্মীয়ে তিনিটা জৰুৰী বার্তা (মে ডে কল) পায়। ইয়াৰে এটা কল আহিছিল যোৱা ১২ জুনত আহমেদাবাদত ভূপতিত হোৱা লণ্ডন অভিমুখী বিমানখনৰ বৈমানিকৰ পৰা। এই বিমান দুর্ঘটনাত ২৬০জনৰো অধিক লোকৰ প্ৰাণহানি ঘটে।






























