Ghagrapar:
মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অহৰ্তা সম্পন্ন মহিলালৈ দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই I মহিলা উদ্যমীক লাখপতি বাইদেউলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ অহৰ্তা সম্পন্ন মহিলালৈ দহ হাজাৰ টকাকৈ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
নলবাৰী সমষ্টিৰ ঘগ্রাপাৰ হাইস্কুল খেলপথাৰৰ পৰাই সমগ্ৰ ৰাজ্যতে আজিৰ পৰা আৰম্ভ হ’ব এই আঁচনিৰ অধীনত চেক প্ৰদান কাৰ্যসূচী। চেক বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড: শৰ্মা অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে ৰাজ্য চৰকাৰে বহুকেইটা অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।
কংগ্ৰেছে লাখপতি বাইদেউ মহিলাসকলে কেতিয়াও নাপাই বুলি ৰাজনীতি কৰিছিল বুলি উল্লেখ কৰি বিজেপিয়ে কিন্তু মহিলাসকলৰ বেংক একাউন্ট খুলি তেওঁলোকৰ একাউন্টত টকা সোমাই কৰ্ম সংস্থাপনৰ বাট মুকুলি কৰি দিছে বুলি মন্তব্য কৰে ড: শৰ্মাই। সভাত নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ভাষণত ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই আচনিৰ জৰিয়তে মহিলাসকল স্বাৱলম্বী হব বুলি মন্তব্য কৰে। সভাত মন্ত্ৰীদ্বয় ৰঞ্জিত দাস,অতুল বৰা,নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী আদিয়ে। চেক বিতৰণি অনুষ্ঠানত নলবাৰী সমষ্টিৰ আত্মসহায়ক গোটৰ ৩৪ হাজাৰ মহিলাক চেক প্ৰদান কৰা হয় ।






























