Suicide Incident in South Sarania:
মহানগৰীৰ ভাড়াঘৰত মাজুলীৰ যুৱতীৰ চৰম পন্থা ৷ দক্ষিণ শৰণীয়াৰ এটা ভাড়াঘৰত উদ্ধাৰ বুলবুলি শইকীয়া নামৰ যুৱতী গৰাকীৰ নিথৰ দেহ ৷ ভাড়াঘৰৰ মালিকে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে হুৱাদুৱা লাগে ৷ ঘটনাস্থলীত পল্টন বজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে মৃত যুৱতী গৰাকী মহানগৰীৰ এটা ছিকিউৰিটী এজেন্সীত কৰ্মৰত ৷ যোৱা নৱেম্বৰ মাহত শিৱ কলিতা নামৰ যুৱক এজনৰ সৈতে আইনী বিবাহোও সম্পন্ন হৈছিল যুৱতী গৰাকীৰ ৷
আনহাতে ,ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে জালুকবাৰীৰ পৰা আটক কৰিছে যুৱতী গৰাকীৰ স্বামী শিৱ কলিতাক ৷ আৰক্ষীৰ সন্দেহ পাৰিবাৰিক কন্দলৰ পৰিণতিতেই এই ঘটনা সংঘটিত হৈছে ৷
ADVERTISEMENT






























