দিনটোৰ ৰাশিফল

daily horoscope 1024x576 1

Horoscope:✒️মেষ: মনত কিছু অহেতুক চিন্তাই ঠাই ল’লেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱে লাভ কৰি উপকৃত হ’ব। কর্মস্থানত আনন্দ। প্রেমত সুখানুভুতি। শুভ ৰং হালধীয়া। শুভসংখ্যা ১।

বৃষ: বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যোগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিকত ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম। শুভ ৰং ৰঙা। শুভ সংখ্যা ৮।

মিথুন: মধ্যম দিন হ’লেও কর্মস্থানত ভালেই দেখিব। আর্থিকতো বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগলিক কৃতকার্য হোৱাৰ সম্ভাৱনা। বিদ্যাত শুভ ফল শৰীৰ মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।

কর্কট: সহযোগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয় বৃদ্ধিৰ কাৰক। নতুন কোনো উদ্দেশ্যত সফল হ’ব। প্ৰেমত নিৰাশা। শুভ ৰং ক্রীম। শুভ সংখ্যা ৭।

সিংহ: আচৰিত কথাৰ সম্ভেদ পাব। আৰ্থিকতো কিছু কষ্ট। শৰীৰ সম্পৰ্কে উদাস নহ’ব। বিদ্যাত বেয়া বোলা নাযায়। ভ্রমণত অলপ সাৱধান থাকক। ঘৰুৱা শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৮।

কন্যা: মজলীয়া ভাবে দিনটো পাৰ হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা অলপ সতর্ক থকাটো উচিত হ’ব। প্রেম-প্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম। দাম্পত্য জীৱন পূর্বানুৰূপ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৩।

তুলা: শৰীৰ পূৰ্বৰ তুলনাত আশাপদ। আপুনি ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিকত আয় বৃদ্ধি পাব। কোনো প্রিয় লোকৰ যোগাযোগত আনন্দ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

বৃশ্চিক: ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনোনিবেশ কৰিব। ভ্ৰমণত সাৱধান। শুভ ৰং কমলা। শুভ সংখ্যা ২।

ধনু: দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্ৰতি আওকাণ নকৰিব। কৰ্মত খ্যাতি বৃদ্ধিৰ যোগ। পিতৃৰ পৰা সহানুভূতি লাভ কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

মকৰ: কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতন হওক। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্রমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ১১।

কুম্ভ: নিজৰ উদ্দেশ্য সাধনত ব্রতী হওক। কর্মত দক্ষতা থাকিব। ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ। পিতৃ-মাতৃৰ চিন্তা শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৯।

মীন: যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিকত ব্যয় বৃদ্ধি পাব। কোনো দূৰ বাৰ্তাত আনন্দ লাভ। বেংক কৰ্মচাৰীৰ শুভ। কোনো কাৰণত মন চঞ্চল থাকিব। প্রেমত শুভ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ১১।

Exit mobile version