Congress MLA:✒️অনলাইন আৰু অফলাইনত অবৈধ বেটিঙৰ অভিযোগত ছিকিমৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিছে কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী বিধায়কক ।
কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ কংগ্ৰেছ বিধায়ক কে চি বীৰেন্দ্ৰক ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই।
শুকুৰবাৰে তেওঁক গেংটকৰ দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়। ইডিয়ে তেওঁক ট্ৰেনজিট ৰিমাণ্ডত কৰ্ণাটকলৈ নিবলৈ অনুৰোধ জনাইছে।
উল্লেখ্য যে,শনিবাৰে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ খবৰ ইডিয়ে প্ৰকাশ কৰে ।
তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, শুকুৰবাৰে বিধায়কগৰাকীৰ স’তে জড়িত বিভিন্ন স্থানত তালাচী চলোৱাৰ লগতে নগদ ১২ কোটি টকা (বেছিভাগেই বিদেশী মুদ্ৰাৰ), ছয় কোটি টকা সোণৰ গহনা, ১০ কেজি ৰূপৰ গহনা আৰু চাৰিখন বাহন জব্দ কৰা হয়।
অৱশ্যে জব্দ কৰা সামগ্ৰীসমূহ কোন স্থানৰ পৰা জব্দ কৰা হৈছে সেই কথা প্ৰকাশ কৰা নাই ইডিয়ে।
ইডিৰ সূত্ৰ অনুসৰি ৫০ বছৰীয়া বিধায়কগৰাকীৰ সহযোগীয়ে অনলাইন গেমিংৰ জৰিয়তে ধন উলিয়াইছিল। সমগ্ৰ অপাৰেচনটো ডুবাইৰ পৰাই কৰা হৈছিল।
ইয়াৰ উপৰিও তদন্তকাৰীৰ হাতত তথ্যও আছিল যে সেই ধনেৰে বিধায়কগৰাকীয়ে বহু প্লট ক্ৰয় কৰিছিল। লগতে বীৰেন্দ্ৰই ছিকিমত কেচিনো ভাড়াত ল’বলৈ ব্যৱসায়িক সহযোগীসকলৰ স’তে গেংটকলৈ গৈছিল।
ইডিৰ বিষয়াসকলে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰে। বিধায়কগৰাকীৰ ভাতৃ কে চি নাগৰাজ আৰু পুত্ৰ পৃথ্বী এন ৰাজৰ ঘৰৰ পৰাও আৰক্ষীয়ে ভূমি সম্পৰ্কীয় বহু নথি-পত্ৰ উদ্ধাৰ কৰে।






























