Cloudburst in Uttarakhand:✒️পুনৰ বিপৰ্যস্ত দেৱভূমি উত্তৰাখণ্ডত।এইবাৰ ডাৱৰ বিস্ফোৰণৰ ফলত চামোলিত আকস্মিক বান। ইয়াৰ ফলত এজন লোকৰ মৃত্যু হৈছে। বহু দোকান, ঘৰ, কেবাখনো গাড়ী ধ্বংস হৈছে। এতিয়াও সন্ধানহীন হৈ আছে কেবাজনো বাসিন্দা।
স্থানীয় সূত্ৰৰ মতে, শুকুৰবাৰে পুৱতি নিশা চামোলিৰ এক বৃহৎ অঞ্চলত প্ৰবল বৰষুণৰ ফলত লাগোৱাৰা গাঁৱত এগৰাকী যুৱতীৰ মৃত্যু হয়। থাৰালী বজাৰ, কোটদীপ আৰু থাৰালী ব্লকৰ বহু অঞ্চল বালি, শিল আৰু বোকাৰে আৱৰি ধৰিছে।
চহৰ অঞ্চলত ৰখাই থোৱা বহু গাড়ীৰ ক্ষতিসাধন হয়। চেপডাও বজাৰ আৰু থাৰালী বজাৰৰ বহু দোকানত বালি, বোকা আৰু পানী প্ৰৱেশ কৰিছে।
বালি আৰু বোকাত কেবাটাও পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
আটাইতকৈ চিন্তনীয় কথাটো হ’ল স্থানীয় কেবাজনো বাসিন্দা নিৰুদ্দেশ হোৱা।
উত্তৰাখণ্ডত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। ইয়াৰ বাবেই ৰাজ্যৰ অধিকাংশ নদী উফন্দি উঠিছে। হৰিদ্বাৰত বিপদসীমাৰ ওপৰেৰে বৈ আছে গংগা।






























