Dibrugarh:
ডিব্ৰুগড়ত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই। ডিব্ৰুগড়ৰ মাইজানৰ ঠাকুৰবাৰীত অব্যাহত থকা খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ মাজতে নামনি অংশত চপৰা-চপৰকৈ খহিছে বৰলুইতৰ গৰা। বিগত প্রায় এসপ্তাহৰো অধিক দিন ধৰি ডিব্ৰুগড় জলসম্পদ বিভাগে ঠাকুৰবাৰীত খহনীয়া প্রতিৰোধৰ চেষ্টা চলাইছে যদিও তাৰ মাজতে খহনীয়াই ভয়ৱহ ৰূপ ধাৰণ কৰিছে। জিঅ’ বেগত বালি-পলস ভর্তি কৰি খহনীয়া প্ৰতিৰোধৰ সমান্তৰালকৈ জলসম্পদ বিভাগে পার্কুপাইন সংস্থাপিত কৰিছে।
ঠাকুৰবাৰীৰ মূল অংশত ইয়াৰ জৰিয়তে খহনীয়া প্ৰতিৰোধত সফল হ’ব পাৰিলেও নামনি অংশত খহনীয়াই ৰুদ্রমূর্তি ধাৰণ কৰিছে। যাৰ বাবে এতিয়া এই খহনীয়াই ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধলৈ বিপদ মাতি আনিছে। সুৰক্ষা বান্ধ ছিঙিলেই নিঃশেষ হৈ যাব ঐতিহ্যমণ্ডিত ডিব্রুগড় মহানগৰ। শেহতীয়াকৈ চকুৰ সম্মুখতে হৈ থকা ভয়াৱহ খহনীয়াৰ পৰিপ্ৰেক্ষিতত নৈপৰীয়া ৰাইজে আতংকত দিন কটাবলগীয়া হৈছে।
টালি-টোপোলা বান্ধি নিৰাপদ দূৰত্বত আশ্রয় ল’বলৈও তেওঁলোক সাজু হৈছে। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ খহনীয়াই বহু পৰিয়ালৰ মাটি-ভেটি হ্রাস কৰিছে। আনহাতে, জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কাম চলাই আছে যদিও ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ পকনীয়াৰ বাবে খহনীয়া তীব্ৰতৰ হৈছে।
ইফালে, মাইজানৰ খহনীয়াস্থলীৰ পৰা মুখ্যমন্ত্ৰীৰ সচিবালয়লৈ দূৰত্ব একেবাৰে কম। তদুপৰি উত্তৰ-পূবৰ অন্যতম চিকিৎসা শিক্ষাৰ প্ৰাণকেন্দ্ৰ অসম চিকিৎসা মহাবিদ্যালয়ো সমীপতে অৱস্থিত। ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্রুগড় মহানগৰবাসীয়ে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াক লৈ বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। আধুনিক তথা বিজ্ঞানসন্মত ব্যৱস্থাৰ জৰিয়তে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ডিব্ৰুগড় মহানগৰবাসীৰ বিপদ অনিবার্য হৈ পৰিছে বুলি সচেতন মহলে মন্তব্য কৰিছে।






























