অসম লোকসেৱা আয়োগ (এপিএছচি) ৰ নিযুক্তি কেলেংকাৰিত অভিযুক্তসকলক বিজেপি চৰকাৰে সুৰক্ষা প্ৰদানৰ অপচেষ্টা অব্যাহত ৰাখিছে বুলি সততে অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই কেলেংকাৰিত গ্ৰেপ্তাৰ হোৱা পাঁচজন এচিএছ বিষয়াৰ বৰ্খাস্তকৰণৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে।
এই কেলেংকাৰিৰ বিৰুদ্ধে সৰৱ হৈ অহা ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি নামৰ সংগঠনটোরে আজি এক সংবাদমেলত এই কথা সদৰী কৰি বক্ৰপথৰে বাছনিভুক্ত বিষয়সকলৰ নিলম্বন-বৰ্খাস্তকৰণত কিয় বাৰে বাবে চৰকাৰৰ আসোঁৱাহ থাকি যায় বুলি প্রশ্ন উত্থাপন কৰে।
এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই সংগঠনটোৰ এডমিন মানস প্রতীম বৰুৱাই কয় যে অসম লোকসেৱা আয়োগৰ ২০১৩ত ২৪১জন আৰু ২০১৪৩ ১৮০জন এচিএছ, এপিএছ তথা অন্যান্য পদৰ প্ৰাৰ্থীক বাছনি প্রক্রিয়াত ব্যাপক কেলেংকাৰি সংঘটিত হৈছিল।
এই কেলেংকাৰি সন্দৰ্ভত গঠিত ন্যায়িক তদন্ত আয়োগে এই সমগ্র নিযুক্ত প্রক্রিয়া বাতিল কৰিবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়াইছিল বুলি আঙুলিয়াই দি বৰুৱাই কয় যে যোৱা ২০ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রদান কৰা এক বায়ক মুখ্যমন্ত্রীয়ে অতি বেদনাদায়ক বুলি অভিহিত কৰিছিল।
উল্লেখ্য যে প্ৰাৰম্ভিক সময়ত আয়োগৰ যি কেলেংকাৰি উন্মোচিত হৈছিল, তেতিয়া অর্ধ-শতাধিক বিষয়াক গ্ৰেপ্তাৰ কৰি তেওঁলোকক তদানীন্তন সর্বানন্দ সোণোৱাল চৰকাৰে বৰ্খাস্ত কৰিছিল।
এই বর্খাস্তকৰণৰ নির্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰি প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল। উক্ত ৰায়ে অসমৰ প্ৰশাসন ব্যৱস্থাটোক কপাই তুলিছিল বুলি মন্তব্য কৰি বৰুৱাই কয়, ‘যোৱা ২০ জুনত উচ্চ ন্যায়ালয়ৰ ৰায়ক প্রথম অবস্থাত মুখ্যমন্ত্রীয়ে বেদনায়ক বুলি উল্লেখ কৰি ক’লে যে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চৰকাৰে আবেদন কৰিব। ইয়াৰ কেইদিনমান পাছত পুনৰ মুখ্যমন্ত্রীয়ে ক’লে যে এই ৰায় চালি-জাৰি চাই দেখা গৈছে যে উচ্চতম ন্যায়ালয়লৈ যাব নালাগে।লগতে তেওঁ কৈছিল যে বঞ্চিত প্রার্থীসকলেহে যাব লাগিব, কাৰণ এই ৰায়ে কাকো সুবিধা প্রদান কৰা নাই। বৰ্খাস্ত যিসকল এচিএছ আৰু এপিএছ বিষয়াই প্রথম দুবছৰৰ প্ৰবেছ’নাৰী পিৰিয়ড শেষ কৰিছিল, তেওঁলোকক পুনৰ মকৰল কৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰা হ’ব আৰু পৰৱৰ্তী সময়ত তেওঁলোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব। সেই সময়ত আমি কৈছিলো যে এই বায় মুখ্যমন্ত্রীৰ বাবে বেদনাদায়ক নহয়, আনন্দদায়ক।’
আনহাতে, ন্যায়ালয়ৰ উক্ত বায়ে অসম চৰকাৰৰ এচিএছ-এপিএছ বিষয়াসকলৰ যি ছার্ভিছ কল আছিল, তাত যথেষ্ট আসোঁৱাহ উন্মোচিত কৰিছিল আৰু সেই বাবেই বিধিগতভাবে অসম চৰকাৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্রয়োজন আছিল বুলি মন্তব্য কৰি বৰুৱাই কয়, ‘বিপৰীতে চৰকাৰে প্ৰথমে ২৯জন এচিএছ আৰু ১২জন এপিএছ বিষয়াক যোবা জুলাইত পুনৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। এইসকলক পূর্বতে সোণোৱাল চৰকাৰৰ দিনত গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল। এই পুনৰ বৰ্খাস্ত কৰাসকলৰ ভিতৰত মুন মজুমদাৰ, কুনাল দাস, লীনাকৃষ্ণ কাকতি, বর্ণালী দাস, দ্বৈথুং দৈমাৰী নামৰ পাঁচজন এচিএছ বিষয়াক পুনৰ বৰ্খাস্তৰ নিৰ্দেশ যোৱা ২০ আগষ্টত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিলে।’
এয়া চৰকাৰখনৰ কাৰণে কেৱল লাজৰ বিষয়ে নহয়, ভাৰতৰ ইতিহাসত বিবল বুলি তেওঁ মন্তব্য কৰি কয়, ‘উচ্চ ন্যায়ালয়ে বায়ত স্পষ্টকৈ উল্লেখ কৰি দিছে এইসকল বিষয়াৰ ক্ষেত্রত কি পদ্ধতিৰে চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব লাগিব। ইয়াব পাছতো চৰকাৰে বাৰে বাৰে ভুল কৰাটো দুর্ভাগ্যজনক। প্রশাসন ব্যৱস্থা চলোৱা বৰমূৰীয়া বিষয়াসকলে নিলম্বন, বৰ্খাস্তকৰণৰ প্ৰক্ৰিয়াটোক লৈ যদি এইদৰে ল’ৰা-ধেমালি কৰি থাকে, ইমান আসোঁৱাহ এৰি গৈ থাকে, তেন্তে যিসকলে ৰাজ্যৰ শাসন ব্যৱস্থা চলাই আছে, তেওঁলোকৰ দক্ষতাৰ ওপৰত প্রশ্নবোধক আছে।’
তেওঁ কয় যে মুন মজুমদাৰ নামৰ প্রার্থীজনে ২০১৬ত এচিএছ পদত যোগদান কৰিছিল আৰু ২০১৮ৰ অক্টোবৰত তেওঁৰ প্ৰবেছ’নাৰী পিৰিয়ড শেষ হৈছিল। তেওঁৰ প্ৰবেছ’নাৰী পিৰিয়ড বৃদ্ধি কৰা হৈছিল যদিও জনোৱা হোৱা নাছিল। নজনোৱাকৈ তেওঁক ২০১৯ব দুই জানুৱাৰীৰ দিনা চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল।
ইমান জ্যেষ্ঠ আইএএছ বিষয়া থকাৰ পাছতো তেওঁলোকৰ এনেধৰণৰ আসোঁৱাহৰ কাৰণে এইসকল প্রার্থীয়ে চাকৰি ঘূৰাই পোৱাৰ পথ প্রশস্ত হৈছে বুলি মন্তব্য কৰি বৰুৱাই এয়া চৰকাৰৰ সুৰক্ষা নীতি নেকি বুলিও প্রশ্ন কৰে। অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনত কেলেংকাৰিৰ সকলো দিশ তন্ন তন্নকৈ উন্মোচিত হৈছিল আৰু আয়োগে এই নিযুক্তিসমূহ বাতিলৰ পৰামর্শ আগবঢ়াইছিল বুলি দোহাৰে।
বৰুৱাই কয় যে চৰকাৰে ইয়াক কাৰ্যকৰী নকৰি আসোঁৱাহপূর্ণ নির্দেশনা দিয়া বাবে আনকি নিলম্বন কৰা প্রার্থীসকলেও স্থগিতাদেশ পাবলৈ সক্ষম হৈছে। ৰজাৰ দিনত কেনেকৈ ইমান ডাঙৰ কেলেংকাৰি সংঘটিত হ’ল!
ইফালে, শেহতীয়াকৈ মুখ্যমন্ত্রী ড° শর্মাই তেওঁ কংগ্ৰেছত থকাৰ সময়ত ৰজাৰ দৰে আছিল বুলি কৰা মন্তবাৰ আঁত ধৰি বৰুৱাই কয়, ‘মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ৰাজনৈতিক মাতৃগৃহ কংগ্ৰেছৰ পৰা অহাৰ সময়ত এপিএছচি কেলেংকাৰিটো যৌতুকত লৈ আনিছিল নেকি?
কাৰণ যৌতুকত লৈ নাহিলে, এনেধৰণৰ প্ৰয়াস কিয় চলি আছে? উচ্চতম ন্যায়ালয়লৈ যাব বুলি কৈ কিয় নগ’ল? এজন ন্যায়াধীশে যেতিয়া তদন্ত কৰি প্রতিবেদন দিলে, এই প্রতিবেদন তিনি বছৰ ধৰি কিয় পেলাই থোৱা হ’ল? কিয় অভিযুক্তক পদোন্নতি দিলে? মুখ্যমন্ত্রীয়ে কৈছে যে কংগ্রেছত থাকোতে তেওঁ ৰজাৰ দৰে আছিল। ইয়াৰ পৰাও কিছু প্রশ্ন উদয় হয়।’
বৰুৱাই কয়, ‘যিজন মানুহ কংগ্রেছত বজা হৈ আছিল, এই ৰজাৰ দিনত কেনেকৈ ইমান ডাঙৰ কেলেংকাৰি সংঘটিত হ’ল? তেওঁৰ অজ্ঞাতে এই কেলেংকাৰি হৈছিল নে? সেয়ে আমি ভাবিবলৈ বাধ্য হৈছো যে কংগ্ৰেছৰ দিনৰ বজাৰ হাতত যেতিয়া বিজেপিৰ বাঘজৰী আহিল, তাৰ বাবেই এতিয়া এই কেলেংকাৰিত অভিযুক্তসকল বিভিন্নধৰণে সুৰক্ষা দিয়াৰ প্ৰয়াস চলিছে? দেশ-বিদেশৰ পৰা কিমান মানুহ ধৰি আনে; কিন্তু বাকেশ পালৰ ভ্ৰাতৃ ৰাজীৱ পালক বিগত ১০ বছৰে বিয়াগোম অসম আৰক্ষীয়ে ধৰিব নোৱাৰিলে।’
সর্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই দিশ চাব লাগিব বুলি মন্তব্য কৰি বৰুৱাই পুনৰ কয়, ‘কাৰণ কংগ্ৰেছৰ ৰজাৰ হাতত বাঘজবী এৰি দি এইধৰণে দুর্নীতিগ্রস্ত মানুহবিলাকক সাৰি যাব দিব নোৱাৰে। সমগ্র নিযুক্তি প্রক্রিয়া বাতিল কৰক।’






























