Punjub: ✒️পঞ্জাৱত দুৰ্ঘটনাগ্ৰস্ত গেছ টেংকাৰত ভয়াৱহ বিস্ফোৰণ । দুৰ্ঘটনাটোত মৃত্যু হৈছে অন্তত সাত জনৰ। আহত বহু। শনিবাৰে নিশা হোছিয়াৰপুৰ-জলন্ধাৰ ৰাজ্যিক ঘাইপথত সংঘটিত হয় এই ঘটনা।
আৰক্ষী সূত্ৰৰ অনুসৰি,শনিবাৰে নিশা প্ৰায় ১০ বজাত মন্দিয়ালা গাঁৱৰ সমীপত এখন টেংকাৰে হঠাতে এখন গাড়ীৰ স’তে খুন্দা মাৰে। তাৰ পাছত টেংকাৰখনত ভয়ংকৰ বিস্ফোৰণ ঘটে। সমগ্ৰ অঞ্চলটো কঁপি উঠে।
প্ৰচণ্ড শব্দ শুনি স্থানীয় ৰাইজে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ হয়।
এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে।
বিস্ফোৰণৰ পাছতে আশে-পাশে থকা ১৫খন দোকান আৰু পাঁচটা ঘৰত অগ্নিকাণ্ড সংঘটিত হয়
অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বহুসময়ৰ মূৰত অগ্নি নিয়ন্ত্ৰণলৈ অনা হয়। এই ঘটনাত বৰ্তমানলৈ সাত জন লোকৰ মৃত্যু হৈছে। আহত কেবাজনো লোকৰ অৱস্থা সংকটজনক।
কিন্তু দুয়োখন গাড়ীৰ সংঘৰ্ষৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।






























