Alcohol:✒️একাংশই বিশ্বাস কৰে যে কম পৰিমাণৰ সুৰাপানে স্বাস্থ্যগত দিশত উপকাৰহে সাধন কৰে। বহুতে এনে ধাৰণাৰ বহুল প্ৰচাৰ কৰিবলৈও চেষ্টা কৰে। কিন্তু এই ধাৰণা অমূলক বুলি প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটাকৈ স্বাস্থ্য সংস্থাই।
‘আমেৰিকান হার্ট এছ’চিয়েছন’ আৰু ‘আমেৰিকান কলেজ অব কার্ডিঅ’লজী’য়ে সাৱধানবাণী শুনাইছে যে সুৰাপান সম্পূৰ্ণৰূপে ত্যাগ কৰা উচিত। → যোৱা বৃহস্পতিবাৰে সংস্থা দুটাই ৰক্তচাপ জোখাৰ নতুন নীতি-নির্দেশনা বা গাইডলাইন প্রকাশ কৰে। এই গাইডলাইন বিশ্বজুৰি মানি চলা হয়।
‘আমেৰিকান হার্ট’ এছ’চিয়েছন’ আৰু ‘আমেৰিকান কলেজ অৱ কার্ডিঅ’লজী’ৰ মতে সুৰাপানে স্বাস্থ্যৰ উপকাৰ সাধন কৰে বুলি ভবাটো এটা ভুল ধাৰণা। এই সম্পৰ্কত প্রাক্তন মার্কিন ছার্জন জেনেৰেল ডাঃ বিবেক মূৰ্তিয়ে সতৰ্ক কৰি দিছে যে সুৰাপানে কৰ্কটৰ আশংকা বৃদ্ধি কৰে।
বিশেষজ্ঞ চিকিৎসকজনে সুৰাৰ বটলত থকা সাৱধানবাণীযুক্ত লেবেলত এই কথা উল্লেখ কৰিবলৈও আহ্বান জনাইছে। সম্ভৱতঃ এনে কাৰণতে আমেৰিকা যুক্তৰাষ্ট্ৰত হ্রাস পাবলৈ ধৰিছে সুৰাপায়ীৰ সংখ্যা। ‘গলআপ’ৰ শেহতীয়া এক সমীক্ষা অনুসৰি দেশখনত মাথোঁ ৫৪ শতাংশ প্রাপ্তবয়স্ক লোকেহে সুৰাপান কৰে।
বহুতৰ বাবে এই কথা মানি ল’বলৈ টান হ’লেও সমীক্ষাত এনে তথ্যই প্রকাশ পাইছে। উল্লেখ্য যে ১৯৩৯ৰ পাছত প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত সুৰাপানক লৈ শেহতীয়াভাৱে গলআপে এই সমীক্ষা চলায়। সমীক্ষাটোৰ তথ্য অনুসৰি দেশখনৰ যিসকলে সুৰাপান কৰে সেইসকলেও তেনেই কম পৰিমাণত সুৰাপান কৰে।
এই সমীক্ষাই আঙুলিয়াই দিছে যে শেহতীয়া কিছু বছৰত দেশখনত সুৰাপায়ীৰ সংখ্যা কমেও আধাসংখ্যক হ্রাস পায়। উক্ত সমীক্ষা মতে দেশখনৰ সুৰাপায়ীসকলৰ ২৪ শতাংশই ২৪ ঘণ্টাত এবাৰ আৰু ৪০ শতাংশই সপ্তাহত এবাৰ সুৰাপান কৰে।
সুৰাপান ক্ষতিকাৰক বুলি ধাৰণা কৰা লোকৰ সংখ্যা বৃদ্ধি সুৰাপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি বিশ্বাস কৰা লোকৰ সংখ্যা ক্ৰমাৎ আমেৰিকা যুক্তৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে। গলআপৰ শেহতীয়া সমীক্ষাৰ মতে, এনে লোকৰ সংখ্যা ২০১৬ৰ পৰা বৃদ্ধি পাবলৈ ধৰিছে। কেৱল সুৰাপানেই নহয়, আমেৰিকা যুক্তৰাষ্ট্ৰত ধপাত সেৱনকাৰীৰ সংখ্যাও হ্রাস পাবলৈ ধৰিছে।
শেহতীয়াভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে সুৰাপান সম্পর্কীয় নীতি-নির্দেশনাও পুনৰীক্ষণ কৰিছে। এই পুনৰীক্ষিত নীতি-নির্দেশনাত পুৰুষসকলক এদিনত দুবাৰ আৰু মহিলাসকলক এদিনত এবাৰ সুৰাপানৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। উল্লেখ্য যে ১৯৯০ৰ পাছত এই নীতি-নির্দেশনাৰ শেহতীয়াভাৱে পুনৰীক্ষণ কৰা হৈছে।
এই ক্ষেত্ৰত স্বাস্থ্য আৰু মানৱ সেৱা বিভাগ তথা নেচনেল একাডেমী অৱ ছায়েন্সছৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰা হৈছে। এই দুয়োটা সংস্থাই বিশ্বাস কৰে যে অধিক পৰিমাণত সুৰাপান কৰ্কটৰ আশংকা বহু পৰিমাণে বৃদ্ধি কৰে আৰু আয়ুস হ্রাস কৰে।






























