Jammu and Kashmir:✒️ভাৰত-পাকিস্তান সংঘাতৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চোৰাংচোৱাগিৰিৰ একাধিক অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে।
সকলো প্ৰশাসনিক কাৰ্যালয়ত নিষিদ্ধ কৰা হৈছে পেন ড্ৰাইভৰ ব্যৱহাৰ।ইয়াৰ উপৰিও কৰ্মচাৰীৰ মাজত যোগাযোগৰ বাবে নিষিদ্ধ কৰা হৈছে হোৱাটছএপ মেছেজিং সেৱা ।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোকৰ মৃত্যু হোৱাৰ পাছতে ভাৰতীয় সেনাই অপাৰেচন সিন্দুৰ আৰম্ভ কৰে। তাৰ পাছৰে পৰা ভাৰতৰ বিভিন্ন কাৰ্যালয়ত বাৰে বাৰে চাইবাৰ আক্ৰমণ সংঘটিত হৈ আহিছে।
আনকি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয় আৰু সেনাৰ প্ৰশিক্ষণ শিবিৰতো পাক সমৰ্থিত চাইবাৰ অপৰাধীয়ে আক্ৰমণ কৰিছে। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ প্ৰশাসনে পেন ড্ৰাইভ আৰু হোৱাটছএপ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
সাধাৰণ প্ৰশাসন বিভাগৰ সম্পাদক এম ৰাজুৱে এক জাননীৰ জৰিয়তে এই নিৰ্দেশ জাৰি কৰে। য’ত কোৱা হৈছে যে এই গাইডলাইনৰ উদ্দেশ্য হৈছে ,“জম্মু-কাশ্মীৰৰ চাইবাৰ সুৰক্ষা শক্তিশালী কৰা, স্পৰ্শকাতৰ চৰকাৰী তথ্য সুৰক্ষিত কৰা আৰু ডাটা চুৰি, মেলৱেৰৰ সংক্ৰমণ ৰোধ কৰা ।”
উল্লেখ কৰা হৈছে, “জম্মু-শ্ৰীনগৰৰ অসামৰিক সচিবালয়ৰ সকলো চৰকাৰী বিভাগত, আৰু সকলো জিলাৰ উপাযুক্তৰ কাৰ্যালয়ত পেন ড্ৰাইভৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।” হোৱাটছএপৰ ব্যৱহাৰতো কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।






























