Tamulpur Accident:✒️ৰাজ্যত আৰক্ষী-প্ৰশাসনৰ ব্যর্থতাত পুনৰাবৃত্তি ঘটিল অভি-নীল কাণ্ডৰ। দিনৰ পোহৰতে তামুলপুৰত এক ৰাজহুৱা স্থানত একাংশ মানৱতাশূন্য লোকৰ পৈশাচিক জীঘাংসাৰ বলি হ’ল এজন ২৩ বছৰীয়া মেধাৱী যুৱক।
এটা সাধাৰণ দুৰ্ঘটনাৰ আঁত ধৰি ৰাজপথৰ পৰা চোঁচৰাই নি একাংশ লোকে অভিষেক দাস (২৩) নামৰ এজন যুৱকক নির্মমভাবে প্রহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ সুৱাগপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বাঙালীপাৰা বগামাটি পথৰ ভৰালী চ’কত সংঘটিত এই নাৰকীয় কাণ্ডৰ তথ্য শেহতীয়াভাবে পোহৰলৈ আহে। লোকচক্ষুব সম্মুখত গণপ্ৰহাৰৰ সম্মুখীন হৈ প্রাণ ত্যাগ কৰা অভিষেক তামুলপুৰ জিলাৰ কচুকাটা গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত সেনাজোৱান দীপক দাসৰ একমাত্র পুত্র।
অভিষেকৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা ২০ আগষ্টৰ পুৱা তেওঁ নিজৰ চাৰিচকীয়া এখন কিয়া বাহন (এএছ-০১ ইএন-৫১২৩)ৰে তামুলপুৰ-নাগ্রীজুলি পথৰে বগামাটিৰ ওচৰৰ সেউজ বননীলৈ ফুৰিবলৈ যায়।
লগত তেওঁৰ স’তে তেওঁৰ বন্ধু যুৱৰাজ বড়ো, ধ্ৰুৱজ্যোতি গুৰুং, নৱজ্যোতি দাস আৰু মার্টিন বসুমতাৰী আছিল। চাৰি বন্ধুৰ স’তে আনন্দ-স্ফূৰ্তি কৰি বগী নদীত গা ধুই ধুই দিনৰ তিনি বজাত ঘৰলৈ উভতি অহাৰ পৰত বাঙালীপাৰা-বগামাটিৰ পথত চ’কত তেওঁলোকৰ বাহনখনে এখন ই-ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষত থকা এখন দোকানত খুন্দা মৰাত দোকানখনৰ এটা খুঁটা ক্ষতিগ্রস্ত হয়।
ইয়াতে ক্ষুব্ধ হৈ যুৱকৰ দলটোক দলবদ্ধভাবে আক্রমণ কৰে দোকানৰ মালিক আৰু ই-ৰিক্সাৰ চালক তথা মালিকসকলে। যুৱকৰ দলটো গণ প্ৰহাৰৰ সন্মুখীন হোৱাৰ প্ৰাকৃমুহূৰ্তত তেওঁলোকৰ বাহনখনৰ দুৱাৰকেইখন স্বয়ংক্রিয়ভাবে বন্ধ হৈ পৰাত আটাইকেইজন অট’লক যুৱক গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰে।
তেতিয়া উপায়হীন হৈ চালকৰ আসনত থকা অভিষেকে ‘ছানকফ’বে কোনো মতে গাড়ীৰ বাহিৰলৈ ওলাই আহি গাড়ীৰ ভিতৰত আবদ্ধ বন্ধুকেইজনক উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজৰ পৰা সহায় বিচাৰে। আশ্চর্যজনক যে দুর্ঘটনাস্থলীৰ ওচৰে-পাজৰে থকা লোক তথা দোকানখনৰ মালিক আৰু ই-ৰিক্সা চালক তথা মালিকসকলে যুৱকজনক প্রচণ্ড আক্রমণহে কৰে।
এই অপ্রত্যাশিত আক্ৰমণত বাগৰি পৰা যুৱকজনক হিংস্রপ্রাণী সদৃশ আচৰণ কৰা এই উন্মত্ত লোকসকলে চোচৰাই ঘটনাস্থলীৰ পৰা প্রায় ৫০ ফুট দূৰৈৰ এটা পৰিয়ালৰ ঘৰৰ তামোলৰ বাৰীলৈ নি তাত ভয়ংকৰভাবে আক্রমণ কৰে। আনকি লোহাৰ ৰ’ডেও অসহায় যুৱকজনক প্ৰহাৰ কৰে আক্ৰমণকাৰীৰ দলটোৱে। ফলত যুৱকজনে ডিঙিত প্রচণ্ড আঘাত পাই উশাহ-নিশাহ ল’ব নোৱাৰি মৃত্যুক সাৱটি লয় বুলি তেওঁৰ ককাকে অভিযোগ উত্থাপন কৰিছে।
তদুপৰি ঘটনাস্থলীৰ ওচৰত চিকিৎসা নোপোৱাত ৰঙিয়ালৈ চিকিৎসাৰ বাবে নিয়াৰ পথত অভিষেকে শেষনিশ্বাস ত্যাগ কৰে।
মাৰ-কাট বুলি চিঞৰি খেদি আহিছিল আক্রমণকাৰীসকলে
‘ইহঁতক মাৰ-কাট’ বুলি চিঞৰি বৃহৎ সংখ্যক লোকে যুৱককেইজন আবদ্ধ হৈ পৰা গাড়ীখন ঘেৰি ধৰাৰ উপৰি দুর্ভগীয়া অভিষেক প্রচণ্ড মাৰধৰ কৰে। এই ভাষ্য ঘটনা সংঘটিত হোৱাৰ সময়ত অভিষেকৰ স’তে থকা বন্ধুকেইজনৰ। নাৰকীয় ঘটনাটোৰ বিষয়ে অভিষেকৰ এজন বন্ধুরে কয়, ‘গাড়ীখনৰ দুৱাৰকেইখন স্বয়ংক্রিয়ভাবে বন্ধ হৈ পৰাত সি (অভিষেক) ছানকফৰে কোনোমতে বাহিৰলৈ ওলাই আমাক উদ্ধাৰৰ বাবে ওচৰৰ ৰাইজৰ পৰা সহায় বিচাৰে; কিন্তু তেওঁলোকে সহায় কৰাটো দূৰৰে কথা, তেওঁক প্রচণ্ড আক্ৰমণহে কৰে। লাঠিৰেও প্ৰহাৰ কৰে। আমি ৰাইজক হাতযোৰ কৰি অভিষেকক মাৰধৰ নকৰিবলৈ অনুৰোধ জনায় যদিও কোনেও আমাৰ কথালৈ কাণ নিদিলে। বৰঞ্চ গাড়ীৰ ওচৰৰ পৰা তাক টানি নি হত্যাহে কৰে।’
গাড়ীৰ ভিতৰত আবদ্ধ হৈ থকা চাৰি বন্ধুকো এই দয়ামায়াহীন লোকৰ দলটোৱে আক্রমণৰ চেষ্টা কৰে। ‘আমাকো মাৰিবলৈ লৈছিল। আমাক মাৰধৰ কবে। কোনোমতেহে আমাৰ প্ৰাণৰক্ষা পৰে। কিয় আমাক আক্ৰমণ কৰিলে বুজি নাপালো। দুর্ঘটনাত একোৱে ক্ষতি হোৱা নাছিল।’
অভিষেকৰ এজন বন্ধুৱে এনেদৰে কয়। ঘটনাটো মনত পৰিলে এতিয়াও গাৰ নোম শিয়ৰি উঠে বুলি উল্লেখ কৰি তেওঁৰ এজন বন্ধুরে কয় যে অভিষেকে অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হয়।
‘তহঁতকো এজন এজনকৈ হত্যা কৰিম’
অভিষেকৰ বন্ধুকেইজনকো হত্যাৰ অপচেষ্টা চলাইছিল আক্রমণকাৰী লোকসকলে। এই লোকসকলে অভিষেকক হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি যুৱকজনৰ ককাকে সাংবাদিকৰ আগত কয়, ‘মোৰ নাতিটোৰ গাড়ীখনে খুন্দিওৱাৰ ফলত দোকানখনৰ এটা খুঁটাৰহে কিছু ক্ষতি হৈছিল। তাকে লৈ তেওঁলোকে তাক আক্রমণ কৰে। তাৰ চাৰি বন্ধুকো হত্যা কৰাৰ চেষ্টা কৰিছিল। সিহঁতক এজন এজনকৈ হত্যা কৰিব বুলি ভাবুকি দিছিল।’
যোৱা ২০ আগষ্টত দিনৰ তিনি বজাত ঘটনাটো সংঘটিত হোৱা বুলি উল্লেখ কৰি বয়স্ক ব্যক্তিজনে কয় যে তেওঁলোকে ঘটনাৰ বিষয়ে আবেলি পাঁচ বজাত খবৰ পায়। লগে লগে অভিষেকৰ পিতৃ-মাতৃ ঘটনাস্থলীত উপস্থিত হয়।
তাৰ পূৰ্বে উন্মত্ত লোকসকলৰ কৱলৰ পৰা অভিষেককে ধৰি অসহায় যুৱকৰ দলটোক আৰক্ষীয়ে উদ্ধাৰ কৰে। অভিষেকক তাৎক্ষণিক চিকিৎসাৰ প্ৰয়োজন হোৱাৰ পাছতো এম্বুলেন্সৰ অভাৱত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিব নোৱাৰিলে বুলি তেওঁৰ ককাকে অভিযোগ উত্থাপন কৰিছে।
বহু সময়ৰ পাছত হৰিশিঙাৰ পৰা এখন এম্বুলেন্স আনি গুৰুতৰভাৱে আহত অৱস্থাত অভিষেকক ৰঙিয়ালৈ চিকিৎসাৰ বাবে নিয়া হয় যদিও ৰঙিয়া পোৱাৰ পূৰ্বে পথতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ঘটনাস্থলীত এখন এম্বুলেন্সৰ অভাৱক লৈয়ো দুৰ্ভগীয়া যুৱকজনৰ ককাকে ক্ষোভ প্রকাশ কৰিছে। ইয়ে অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ শোচনীয় অবস্থাও তুলি ধৰা বুলি তেওঁ মন্তব্য কৰে।
জালত পৰা নাই ঘাতক
এই নাৰকীয় কাণ্ডৰ পিছদিনা অর্থাৎ যোৱা ২১ আগষ্টতে দুর্ভগীয়া অভিষেকৰ পিতৃ আৰক্ষীৰ দ্বাৰস্থ হয় যদিও বাতৰি লিখা পৰলৈ ঘাতক বাহিনী জালত পৰা নাই। পৰিয়ালৰ লোকে জনোৱা মতে, অভিষেকৰ পিতৃ দীপক দাসে ২১ আগষ্টত ঘটনা সম্পর্কত তামুলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। পৰিয়ালৰ লোকে জনোৱা মতে, অভিষেক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত আছিল। কৰ্মৰত অৱস্থাতে তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ প্ৰস্তুতিও চলাই আছিল।
হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী অভিষেকৰ মাতৃৰ
দুৰ্ভগীয়া অভিষেকৰ ঘৰত আজিও শোকাকুল পৰিৱেশ বিৰাজ কৰি আছে। একমাত্র পুত্রক হেৰুওৱা যুৱকজনৰ পিতৃ-মাতৃক সান্ত্বনা দিয়াৰ ভাষা কোনেও বিচাৰি পোৱা নাই। কান্দোনৰ মাজতে তেওঁৰ মাতৃয়ে হত্যাকাৰীৰ দলটোক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে।
মহিলাগৰাকীয়ে কয়, ‘মোৰ পুত্ৰই কাৰ কি ক্ষতি কৰিছিল। তেওঁলোকে কিয় মাৰি পেলালে? হত্যাকাৰীক শীঘ্ৰে চিনাক্ত কৰি ফাঁচি দিয়ক। আমি ন্যায় বিচাৰো। মোৰ পুত্ৰক মৰাৰ দৰে সিহঁতকো মাৰক। মুঠতে আমাক ন্যায় লাগে।’ কান্দোনত ভাগি পৰা অভিষেকৰ পিতৃ দাসেও হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী উত্থাপন কৰে। পৰিয়ালৰ লোকে ঘটনাটোক পৰিকল্পিত হত্যাকাণ্ড বুলিও আখ্যা দিছে। স্বাভাৱিকতে ঘটনাটোৱে অঞ্চলটোৰ চৌদিশে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। কোনোৱে ঘটনাটো সহজভাবে ল’ব পৰা নাই। উল্লেখ্য যে ২০১৮ৰ আঠ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত গুৱাহাটীৰ অভিজিৎ নাথ আৰু নিলোৎপল দাসক সোপাধৰাৰ সন্দেহত একাংশ উন্মত্ত লোকে হত্যা কৰে। অভি-নীল কাণ্ডৰূপে চর্চিত এই লোমহর্ষক হত্যাৰ ভুক্তভোগীয়ে বর্তমানেও ন্যায় পোৱা নাই। এনে অৱস্থাতে তামুলপুৰত একাংশ বিবেকহীন লোকে এই নৃশংস ঘটনা সংঘটিত কৰে।
শোকসন্তপ্ত পৰিয়ালৰ গৃহত বিধায়ক দৈমাৰী-বিটিচি মুৰব্বী বড়ো
দুৰ্ভগীয়া অভিষেকৰ ঘৰত উপস্থিত হৈ কালি তেওঁৰ পৰিয়ালক সান্ত্বনা দিয়ে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী আৰু বিটিচিৰ মুৰব্বী প্রমোদ বড়োৱে। যুৱকজনৰ শোকসন্তপ্ত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনক দুয়ো সমবেদনা জনাই ভুক্তভোগীৰ বাবে ন্যায় নিশ্চিত কৰাৰ আশ্বাস দিয়ে। ফোনত বড়োৱে তামুলপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকক ঘটনাৰ তদন্ত কৰিবলৈও আহ্বান জনায়। তদুপৰি দুৰ্ঘটনাৰ পাছত কিয় অভিষেক চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হ’ল তাৰো তদন্ত কৰিবলৈ তেওঁ নির্দেশ দিয়ে।






























