Benjamin Netanyahu: ✒️শেহতীয়াকৈ গাজাৰ এখন চিকিৎসালয়ত বোমা বিস্ফোৰণত সাংবাদিক আৰু চিকিৎসককে ধৰি ২০ জন লোকৰ মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে নেতানিয়াহুৱে।
পূর্বৰ দৰেই এই ঘটনাৰ তদন্ত হ’ব বুলি তেওঁ আশ্বাস দিয়ে৷হামাছৰ বিৰুদ্ধে তিনি বছৰতকৈ অধিক সময় ধৰি চলি থকা যুদ্ধত চূড়ান্ত পৰ্যায়লৈ নিবলৈ সাজু হৈছে ইজৰাইলৰ সেনা।
নেতানিয়াহুৱে সমগ্ৰ গাজা দখল কৰাৰ নিৰ্দেশ দিছে। তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰম্ভ হৈছে অভিযান।
দুৰ্ভিক্ষৰ কবলত পৰা গাজাত নিৰ্বিচাৰে বোমা বিস্ফোৰণ কৰা হৈছে। সাধাৰণ মানুহো কুকুৰ মেকুৰীৰ দৰে মৃত্যুমুখত পৰিছে। ইয়াৰ মাজতে সোমবাৰে বেঞ্জামিন নেতানিয়াহুৰ সেনাই গাজাৰ নাছৰ হাস্পতালত আক্ৰমণ কৰে।
এই আক্ৰমণত পাঁচ জন সাংবাদিককে ধৰি ২০ জন লোকৰ মৃত্যু হয়।পেলেষ্টাইনৰ স্বাস্থ্যকৰ্মীসকলে চিকিৎসালয়খনত আক্ৰমণৰ খবৰ দিয়ে।
প্ৰথমে চিকিৎসালয়খনৰ চতুৰ্থ মহলাত আৰু তাৰ পাছত দ্বিতীয় মহলাত আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণত আল জাজিৰা আৰু ৰয়টাৰৰ পাঁচজন সাংবাদিক আৰু এজন কেমেৰামেন নিহত হয়।
চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীকে ধৰি মুঠ ২০জন লোকো নিহত হয়। কাপুৰুষীয়া এই আক্রমণৰ তথ্য পোহৰলৈ অহাৰ লগে লগে নিন্দাৰ ধুমুহা সৃষ্টি হয়।
ব্যাপক সমালোচনাৰ অন্তত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত মুখ খোলে।তেওঁ কয়, “নাছিৰ হাস্পতালত ঘটা কাণ্ডটো অতি দুখজনক। ইজৰাইলে সাংবাদিক আৰু স্বাস্থ্যকৰ্মীকে ধৰি সকলো নাগৰিককে সন্মান কৰে। তেওঁলোকৰ কামক সন্মান কৰে। তাত এনে এক মৰ্মান্তিক কাণ্ডৰ বাবে মই শোক প্ৰকাশ কৰিছো। আমাৰ সামৰিক বিষয়াসকলে এই কাণ্ডৰ তদন্ত কৰিছে।”
একে সময়তে তেওঁ কয়, “আমাৰ একমাত্ৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদী হামাছক ধ্বংস কৰা। আৰু আমাৰ পণবন্দীসকলক নিৰাপদে ঘূৰাই অনা।”






























