Constipation:✒️অধিকাংশ ক্ষেত্রতে অপৰিকল্পিত ডায়েট, অনিয়মিত খাদ্যাভ্যাসৰ কাৰণে কোষ্ঠকাঠিন্যৰ সমস্যা হয়। অৱশ্যে কিছু ক্ষেত্রত এই সমস্যা বংশগত। কোষ্ঠকাঠিন্যৰ সমস্যাত সময়মতে উপযুক্ত ব্যৱস্থা গ্রহণ নকৰিলে ক’লন কৰ্কটৰ আশংকাও বহুগুণে বৃদ্ধি পাব পাৰে।
কোষ্ঠকাঠিন্যৰ ফলত শৰীৰৰ পৰা প্রতিদিনে মল স্বাভাৱিকভাবে বাহিৰ ওলাব নোৱাৰে। কোনো খাদ্য পেট ভৰাই খোৱাৰ ক্ষেত্ৰতো মনত এক আশংকাই ক্রিয়া কৰে। কোষ্ঠকাঠিন্যৰ প্ৰধান কাৰণসমূহ বাৰু কি?
কোষ্ঠকাঠিন্যৰ কাৰণ
⇨ পানী কমকৈ পান কৰিলে
⇨ আঁহ (ফাইবাৰ) জাতীয় খাদ্য, শাক-পাচলি আৰু ফলমূল কমাই খালে
⇨ পনীৰ, ছানা আজি দুগ্ধজাত খাদ্য অত্যধিক পৰিমাণে খালে
⇨ কায়িক পৰিশ্ৰম, খোজকঢ়া বা শৰীৰচৰ্চা একেবাৰে নকৰিলে
⇨ দীর্ঘদিন কোনো অসুস্থতাৰ বাবে বিছনাই শুই থকাৰ ফলত
⇨ মাৰাত্মক দুশ্চিন্তা বা অৱসাদৰ ফলত
⇨ অন্ত্রনলীত কর্কট হ’লে
⇨ মধুমেহ হ’লে
⇨ মস্তিষ্কত টিউমাৰ হ’লে আৰু মস্তিষ্কত ৰক্তক্ষৰণৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাই শৰীৰত বাহ ল’ব পাৰে।
কোষ্ঠকাঠিন্যৰ সমস্যা অধিকাংশ ক্ষেত্রতে অনিয়মিত খাদ্যাভ্যাস, অপৰিকল্পিত ডায়েটৰ কাৰণে হয়। সময় থাকোতেই ইয়াৰ পৰা সতৰ্ক হোৱা উচিত। প্রাথমিক পর্যায়ত এল’পেথী ঔষধ-পাতিৰ পৰিৱৰ্তে প্ৰাকৃতিক উপায়েৰে কোষ্ঠকাঠিন্য নিৰাময় কৰাটো সম্ভৱ। জানি লওক এনে কিছু ঘৰুৱা উপায়, যি কোষ্ঠকাঠিন্য নিৰাময় কৰি আপোনাক আৰাম দিব পাৰে।
কোষ্ঠকাঠিন্যৰ ব্যৰ্থ ঘৰুৱা উপায়
⇨ প্রতি নিশা বিছনাত পৰাৰ এঘণ্টাৰ পূৰ্বে বাকলিসহ এটা আপেল খাব। উপকৃত হ’ব।
⇨ নিশা শুবলৈ যোৱাৰ পূৰ্বে একাপ গৰমপানী পান কৰিব। গৰমপানীয়ে হজমত সহায় কৰিব আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰিব। সেয়ে নিয়মিতৰূপে শুবলৈ যোৱাৰ পূৰ্বে গৰমপানী পানৰ অভ্যাস গঢ়ি তোলক।
⇨ এটা ডাঙৰ ইলাচি একাপ গৰম গাখীৰত গোটেই নিশা তিয়াই থ’ব। পুৱা শোৱাৰ পৰা উঠি সেই ইলাচিটো থেতেলিয়াই গাখীৰৰ স’তে খাব। মাৰাত্মক ধৰণৰ কোষ্ঠকাঠিন্যৰ সমস্যাত পুৱা আৰু নিশা এইদৰে ইলাচি-গাখীৰ পান কৰিলে দ্রুত উপকাৰ পাব।






























