Murder incident in Hajo:
এক নৃশংস হত্যাকাণ্ড ৷ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ ৷ এই জঘন্য ঘটনা সংঘটিত হয় সোমবাৰে নিশা কামৰূপ জিলাৰ হাজোৰ ভেলামাৰীত ৷
ভেলামাৰীত বৃদ্ধ মাতৃ সহ দুই ককাই- ভাই একেলগে বসবাস কৰি আহিছিল ৷ কিন্ত সোমবাৰে নিশা ভাগত মৃদুল কলিতা নামৰ যুৱকে নিজৰ বৃদ্ধা মাতৃক আন এটা কোঠাত তলাবন্ধ কৰি নিদ্ৰাৰত অৱস্থাত থকা কনিষ্ঠ ভাতৃ ৰূপম কলিতাক চোকা জাতীয় অস্ত্ৰৰে আঘাত কৰি নৃশংসভাৱে হত্যা কৰে ৷
পিছত মাতৃৰ আৰ্তনাদ শুনি স্থানীয় লোক উপস্থিত হৈ নিদ্ৰাৰত অৱস্থাত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে বৃদ্ধা গৰাকীৰ কনিষ্ঠ পুত্ৰৰ নিথৰ দেহ ৷ আনহাতে গঞাৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে হত্যাকাৰী মৃদুল কলিতাক ৷ একেদৰে আৰক্ষীৰ তদন্ত আৰম্ভ কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে ৷ পাৰিবাৰিক সংঘাতৰ ফলতে এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
ADVERTISEMENT






























