Nalbari:
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচনিৰ চেক গ্ৰহণ কৰাৰ পিছত অসূস্থ হৈ নিজ গৃহত মৃত্যুক সাৱটি লোৱা সৰলা দেৱীৰ ঘৰত উপস্থিত হৈ ল’লে পৰিয়ালৰ খবৰ।
নলবাৰীৰ সৰলা দেৱীৰ পৰিয়ালৰ খবৰ লৈ লুৰিণজ্যোতি গগৈৰ দাবী কাৰ ভুলৰ বাবে তেওঁ মৃত্যুমুখত পৰিব লগা হ’ল তাৰ ন্যায় হ’ব লাগে।চৰকাৰী আচনিৰ ক্ষেত্ৰত বিজেপিয়ে পক্ষপাত মূলকভাৱে বহু বিৰোধী দলৰ সদস্যৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি লুৰিণজ্যোতি গগৈয়ে কলে এই ধন হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্তমল্ল বৰুৱাৰ পকেটৰ নহয়।তেওঁলোকৰ বাপেকৰ নামত ফিক্সড ডেপ’জিট কৰি থোৱা ধন নহয়।
ইফালে বিটিআৰৰ নিৰ্বাচন সন্দৰ্ভত অজাপ সভাপতি গৰাকীয়ে বিটিআৰৰ বাৰটা সমষ্টিত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী দিয়া হ’ব বুলি মন্তব্য কৰে।আনহাতে মুখ্যমন্ত্ৰীয়ে উচ্চেদিত লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি কৰা ঘোষণাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নাম কৰ্তন কৰাৰ আগতে মাটি কাঢ়ি লৈ দেখুৱাবলৈ দাবী জনায়।তেওঁ কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে ১৪ কোটি টকা ধুবুৰীত ২০ কোটি টকা বিদেশীক দিছে বুলি কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদোহ কৰা বুলিয়ো তীক্ষ্ণ সমালোচনা কৰে।
ADVERTISEMENT






























