Sibasagar:
শিৱসাগৰ আৰক্ষীৰ তৎপৰতাত হালোৱাটিঙত উদ্ধাৰ কেইবা লক্ষাধিক টকাৰ চুৰি সামগ্ৰী। সোনাপুৰৰ পৰা শিলচৰ অভিমুখী ট্ৰাকৰ পৰা চুৰি হৈছিল কোটি টকাৰো অধিক সামগ্ৰী ৷ এএছ০১-জেচি-৪৫৫৭ নম্বৰৰ ১৪ চকীয়া ট্ৰাকত শিলচৰলৈ আনিছিল কোটি টকাৰো অধিক সামগ্ৰী ৷
শিৱসাগৰত দুষ্টচক্ৰই গোপনে প্ৰায় ১ কোটি টকাৰো অধিক সামগ্ৰী হালোৱাটিঙত মজুত ৰাখে ৷ ঘটনা সন্দৰ্ভত সোনাপুৰ থানাত গোচৰ ৰুজু হোৱাৰ পিছতেই শিৱসাগৰ চেৰেকাপাৰত উদ্ধাৰ হয় ১৪ চকীয়া খালী গাড়ী ট্ৰাক খন ৷
ইয়াৰ পিছতেই সোনাপুৰ আৰক্ষীয়ে হালোৱাটিং আৰক্ষীৰ সহযোগত বুঢ়াগাঁৱৰ পৰা ভাস্কৰ চুতীয়াক গ্ৰেপ্তাৰ কৰে।চুতীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত হালোৱাটিঙৰ নাৱাজ হুচেইন, মেহতাজ খানৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ জিণ্ডাল কোম্পানীৰ টিনপাত উদ্ধাৰ কৰে।
উল্লেখ্য যে সামগ্ৰী কঢ়িওৱা ট্ৰাক খনে প্ৰায় ৫০০ চলা টিনপাত, চাহপাত, ট্ৰিপাল, ঘিউ, চকলেট, কাপোৰ, ৰং, আলু, দাইলকে ধৰি কোটি টকাৰ সামগ্ৰী শিলচৰলৈ কঢ়িয়াই আনিছিল। ইফালে হালোৱাটিঙত টিনপাত মজুত ৰখা বিশ্ব ৰঞ্জন দে, হীৰক হাজৰিকা, কল্যাণ পাটৰ আত্মগোপন কৰি আছে।
উল্লেখ্য যে ১৪ আগষ্টত গুৱাহাটী সোনাপুৰৰ পৰা ১৪ চকীয়া ট্ৰাকখন শিলচৰ অভিমুখে ৰাওনা হৈছিল। শিৱসাগৰত ট্ৰাকখন হাইজেক হোৱাৰ পিছতেই সোনাপুৰ আৰক্ষী থানাত ১৩৯/২৫ নম্বৰৰ ৩০৩/৩১৭(২)/৩১৮(৪)/৬১(২) বিএন এচ চেকচনত গোচৰ ৰুজু হয়। এই গোচৰৰ ভিত্তিত ভাস্কৰ চুতীয়াৰ লগতে উৎপল দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।






























