Selfiecide:✒️ইণ্টাৰনেট সাক্ষৰতাৰ দৰে ধ্যান-ধাৰণা শিপাবলৈ বাকী থকা অৱস্থাতে স্মার্টফোন সহজলভ্য হৈ উঠাত বহুতৰে মাজত ছেঙ্ক্ষী তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ অভ্যাস গঢ়ি উঠে। এই প্রৱণতাই নাৰী-পুৰুষ নির্বিশেষে ভিন্ন বয়সৰ লোকক স্পর্শ কৰে। আনকি বিপজ্জনক তথা প্ৰাণৰ প্ৰতি আশংকা থকা স্থানতো বহুতে চমক দেখুৱাবলৈ হওক বা আন কাৰণতে হওক ছেঙ্ক্ষী তুলি সামাজিক মাধ্যমত আপলোড কৰিবলৈ লয়।
এনে ধৰণৰ কাৰণত সম্প্রতি ভাৰত ছেঙ্ক্ষী তোলাৰ বাবে বিশ্বৰে বিপজ্জনক স্থানত পৰিণত হৈছে। ‘বাৰ্বাৰ ল ফার্ম’ নামৰ এটা সংস্থাৰ শেহতীয়া তথ্য অনুসৰি বিপজ্জনক স্থানত ছেঙ্ক্ষী তোলাৰ বাবে ভাৰতত ১১ বছৰত দুই শতাধিক লোক হতাহত হয়। এই ঘটনা ২০১৪ৰ মাৰ্চৰ পৰা ২০২৫ৰ মে’লৈ সংঘটিত হয়।
ছেল্ফী তুলি হতাহত হোৱা এই দুই শতাধিক লোকৰ ২১৪ জন মৃত্যুমুখত পৰাৰ বিপৰীতে ৫৭ জন আহত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰত ছেল্ফী তোলাৰ ক্ষেত্ৰত বিশ্বৰে বিপজ্জনক দেশত পৰিণত হৈছে। ২০১৪ৰ মাৰ্চৰ পৰা ২০২৫ৰ মে’ৰ সময়ছোৱাত ছেল্ফীজনিত মৃত্যু আৰু আঘাতপ্রাপ্ত ঘটনাৰ নিৰীক্ষণ আৰু বিশ্লেষণ কৰি এই তথ্য পোহৰলৈ আনিছে ‘বাৰ্বাৰ ল ফার্ম’-এ।
ইয়াকে কৰিবলৈ আইনী সংস্থাটোরে গুগল নিউজ নিৰীক্ষণ কৰে। ভাৰতত ছেল্ফী তুলি হতাহত হোৱা লোকৰ সংখ্যা সমগ্র বিশ্বত সংঘটিত এনে ঘটনাৰ ৪২.১ শতাংশ। এই ক্ষেত্রত দ্বিতীয় স্থান দখল কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। দেশখনত ২০১৪ৰ মাৰ্চৰ পৰা ২০২৫ৰ মে’ৰ ভিতৰত এনে ধৰণৰ ৪৫ টা হতাহতৰ ঘটনা সংঘটিত হয়। ইয়াৰে ৩৭ জন লোকৰ প্ৰাণহানি ঘটাৰ বিপৰীতে আঠজন আহত হয়।
এই ক্ষেত্রত তৃতীয় স্থানত থকা ৰাছিয়াত উক্ত সময়ছোৱাত ছেঙ্ক্ষীজনিত ১৯ টা হতাহতৰ ঘটনা সংঘটিত হয়। ইয়াৰে ১৮ জনৰ মৃত্যু হোৱাৰ বিপৰীতে এজন আঘাতপ্রাপ্ত হয়। ছেল্ফীজনিত হতাহতৰ ঘটনাত পাকিস্তান চতুর্থ স্থানত আছে। বিগত ১১ বছৰত দেশখনত ১৬ টা ছেল্ফীজনিত মৃত্যুৰ ঘটনা সংঘটিত হয়।
ছেল্ফীজনিত ক্ষেত্রত বিশ্বৰে শীৰ্ষ স্থানত থকা আন দেশসমূহৰ অন্যতম হৈছে পঞ্চম অস্ট্রেলিয়া (১৩ জনৰ মৃত্যু, দুজন আহত), ইণ্ডোনেছিয়া (১৪ জন হতাহত), কেনিয়া, ব্রিটেইন, স্পেইন আৰু ব্রাজিল (এই কেইখন দেশৰ ১৩ জনকৈ হতাহত হয়)।
বাৰ্বাৰ ল ফাৰ্মৰ তথ্য অনুসৰি ভাৰতত ৰেলপথ, পাহাৰৰ টিলা আদিত সহজে উপস্থিত হ’ব পৰা তথা মানুহৰ ঘনত্ব উচ্চ হোৱা, প্রকাণ্ড সামাজিক মাধ্যম সংস্কৃতি আদিয়ে ছেল্ফীজনিত হতাহতৰ ঘটনা বৃদ্ধি কৰিছে।
তদুপৰি ঘৰৰ মূধচ, টাৱাৰত উঠি ছেল্ফী তোলা আদিও বহুতৰ বাবে অকাল মৃত্যুৰ কাৰকত পৰিণত হৈছে। সমীক্ষা অনুসৰি পাহাৰৰ টিলা, ঘৰৰ মূধচ, টাৱাৰ আদিৰ পৰা পৰি মৃত্যুমুখত পৰা লোকৰ প্ৰায় ৪৬ শতাংশই হৈছে ছেল্ফীজনিত মৃত্যু।
আনক চমক দিবলৈ গৈ এইসকলে মৃত্যুক আঁকোৱালি লয়। কাৰণ এনে বিপজ্জনক স্থানত ছেল্ফী তোলাৰ উদ্দেশ্য হৈছে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা। এই সম্পর্কত একাংশ বিশেষজ্ঞই কয় যে বহুতে ভাইৰেল হোৱাৰ তাড়নাত প্ৰাণৰ প্ৰতি আশংকা থকা কাৰ্য কৰিবলৈও কুণ্ঠাবোধ নকৰা হৈছে।






























