Building Collapse:✒️ধাৰাসাৰ বৰষুণৰ লগতে বানপানীত বিধ্বস্ত পঞ্জাৱৰ মাধোপুৰ। তাতে সেনাৰ তৎপৰতাত ওখ অট্টালিকাৰ পৰা হেলিকপ্টাৰৰ সহায়ত ২২ জন চি আৰ পি এফ জোৱান আৰু তিনিজন সাধাৰণ নাগৰিকক উদ্ধাৰ কৰা হৈছে ।
উদ্ধাৰ অভিযান শেষ হোৱাৰ লগে লগে ধাৰাসাৰ বৰষুণৰ ফলত বহুমহলীয়া অট্টালিকাটো ভাঙি পৰিল! বুধবাৰে পুৱা সংঘটিত হয় এই ঘটনা।
মঙলবাৰে বিয়লিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে মাধোপুৰ হেডৱৰ্কছৰ সমীপৰ বহুমহলীয়া অট্টালিকাত আশ্ৰয় লৈছিল বানাক্ৰান্তই। বুধবাৰে পুৱা সেনাই তেওঁলোকক উদ্ধাৰ কৰে ।
বেয়া বতৰৰ মাজতো হেলিকপ্টাৰৰ সহায়ত অট্টালিকাৰ ভিতৰত আৱদ্ধ হৈ থকা সকলোকে উলিয়াই আনিবলৈ উদ্ধাৰৰ প্ৰচেষ্টা আৰম্ভ হয়।
শেষৰজন ব্যক্তিক উদ্ধাৰ কৰাৰ কিছু মুহূৰ্তৰ পাছতে বহুমহলীয়া অট্টালিকাটো ভাঙি পৰে।
ইতিমধ্যে এই ঘটনাৰ কেবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰে এটা ভিডিঅ’ত ওখ অট্টালিকাৰ পৰা বাসিন্দা আৰু জোৱানক উদ্ধাৰ কৰা দেখা গৈছে।
উত্তৰ ভাৰতত বিগত তিনি-চাৰি দিন ধৰি ধাৰাবাহিকভাৱে বৰষুণ হৈ আহিছে। ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-কাশ্মীৰতো ভূমিস্খলনে বিধ্বস্ত হৈ পৰিছে।
বৈষ্ণো দেৱী তীৰ্থযাত্ৰা পথত হোৱা ভূমিস্খলনৰ ফলত বহু লোক আবদ্ধ হৈ পৰিছে। বুধবাৰৰ পুৱালৈকে তাত কমেও ৩০জন লোকৰ মৃত্যু হৈছে। আহত হৈছে কমেও ২৩জন লোক।






























