Jammu and Kashmir: ✒️ধাৰাবাহিকভাৱে হোৱা বৰষুণত বৃদ্ধি পাইছে বিপদ।এদিনতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হোৱাৰ বিপৰীতে টাৱাই আৰু চন্দ্ৰভাগৰ পানীও বিপদসীমাৰ ওপৰেৰে বৈছে।
বুধবাৰে জম্মু-কাশ্মীৰৰ কাটৰাৰ অৰ্ধকুমাৰীৰ সমীপৰ মাতা বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা পথত ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়।স্থগিত ৰখা হৈছে বৈষ্ণোদেৱী যাত্ৰা ।
ভূমিস্খলনত ৩১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন আহত হয়। ইফালে ধ্বংসাৱশেষত আৰু বহু লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে । ভূমিস্খলনৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। ঘটনাস্থলীত চলিছে উদ্ধাৰৰ অভিযান।
সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কাটৰা ঘাইপথ । উল্লেখযোগ্য যে মঙলবাৰে বিয়লি মন্দিৰলৈ যোৱাৰ পথত আন এক ভূমিস্খলনত ন জন লোক নিহত হোৱাৰ লগতে ২১ জন আহত হয়।
অবিৰত বৰষুণৰ ফলত সমগ্ৰ জম্মু-কাশ্মীৰ বিধ্বস্ত হৈ পৰিছে। জম্মুতো ভাঙি পৰিছে এখন দলং।যাৰ বাবে বিদ্যুৎ পৰিবাহী তাঁৰৰো যথেষ্ট ক্ষতিসাধন হৈছে। ফলত যোগাযোগ ব্যৱস্থাও বিঘিনি ঘটিছে।
উল্লেখ্য যে,আজিও জম্মু আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। জম্মু চহৰ, আৰ এছ পুৰা, চাম্বা, আখনূৰ, নগ্ৰোটা, কোট ভালৱাল, বিষনাহ, বিজয়পুৰ, পুৰমণ্ডল আৰু কথুৱা আৰু উধামপুৰৰ কিছু অংশ।
ৰিয়াছি, ৰামবন, ডোডা, বিলাৱাৰ, কাটৰা, ৰামনগৰ, হিৰানগৰ, গুল, বনিহাল আৰু সাম্বা আৰু কঠুৱা জিলাৰ নিকটৱৰ্তী অঞ্চলতো মধ্যমীয়া বৰষুণ হৈছে। দক্ষিণ কাশ্মীৰৰ ঝেলুম নদীৰ জলপৃষ্ঠ ২২ ফুট পৰ্যন্ত বৃদ্ধি পাইছে।পানীৰ মাত্ৰাই বিপদসীমা অতিক্ৰম কৰাৰ বাবে বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।






























