Kokichi Akuzawa:✒️বহুদিনৰ পূর্বেই শতায়ু গৰকিছে। হৃদযন্ত্ৰৰ অৱস্থাও বৰ এটা ভাল নহয়। তথাপি জানো মনৰ ইচ্ছাক অৱদমিত কৰি ৰাখিব পাৰি? বয়স, অসুস্থতা যে প্রবল ইচ্ছাৰ সম্মুখত একোৱেই নহয়, সেয়া প্রমাণ কৰিলে জাপানৰ বাসিন্দা ক’কিচি আকুজাওৱাই। জীৱন্ত আগ্নেয়গিৰি ফুজিৰ শিখৰত আৰোহণ কৰি বিশ্ব অভিলেখ গঢ়িলে জাপানৰ ১০২ বছৰীয়া বৃদ্ধজনে।
সম্প্রতি আকুজাওৱাক গিনেছ বর্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা মাউন্ট ফুজিৰ শিখৰত উঠা সবাতোকৈ বয়স্ক ব্যক্তিৰ স্বীকৃতি প্রদান কৰে। অথচ এনে এক অসম্ভবক সম্ভৱ কৰিও তেওঁ একেবাৰে নির্লিপ্ত। শান্ত স্ববে বৃদ্ধই কয় যে ইয়াৰ পূর্বেও তেওঁ কে’বাবাৰো ৩৭৭৬ মিটাৰ বগাই সেই পাহাৰত উঠিছিল।
শেষবাৰ যেতিয়া আকুজাওৱাই মাউন্ট ফুজিত উঠিছিল তেতিয়া তেওঁৰ বয়স আছিল ৯৬ বছৰ। সেয়ে পৰ্বতৰ পৰা তলৰ দৃশ্য উপভোগ কৰাটো তেওঁৰ বাবে একেবাৰে নতুন নহয়।
আকুজাওৱাৰ জন্ম ১৯২৩ত। কৈশোৰ অৱস্থাৰ পৰাই তেওঁৰ পৰ্বতাৰোহণত ৰাপ আছিল। মধ্য জাপানৰ গুনমা অঞ্চলৰ এই বৃদ্ধ লোকজনে ঘৰচীয়া প্ৰাণীৰ এটা পাম চন্তালে।
সমান্তৰালকৈ তেওঁ বৃদ্ধাশ্রমতো স্বেচ্ছাসেৱকৰূপে কাম কৰে। ছবি আঁকা শিকায়। এইবাৰ পৰ্বতত উঠাৰ পূৰ্বে প্রস্তুতি পর্বত তেওঁ কিছু বিপদত পৰিছিল। যোৱা জানুৱাৰীত ঘৰৰ কাষৰে পৰ্বতত উঠিবলৈ যাওঁতে তেওঁ পিছলি পৰে। ফলত বৃদ্ধ লোকজন অসুস্থ হৈ পৰিছিল।
আনকি ১০২ বছৰীয়া বৃদ্ধজনে হৃদযন্ত্র বিকল হোৱাৰ ফলত হাস্পতালতো ভর্তি হৈছিল। আকুজাওৱাৰ শাৰীৰিক সমস্যাক লৈ পৰিয়ালৰ লোক যথেষ্ট চিন্তিত হৈ পৰিছিল। যদিও এইবোৰলৈ কৰ্ণপাত নকৰি পৰ্বতাৰোহণ কৰিবই বুলি তেওঁ একপ্ৰকাৰ মনস্থিৰ কৰি লৈছিল।
সেই মানসিকতাৰ বাবেই হয়তো এডভেঞ্চাৰ প্ৰিয় লোকজন ততালিকে সুস্থও হৈ উঠিছিল। চিকিৎসকে বিশ্বাসেই কৰিব পৰা নাছিল যে তেওঁ কেনেকৈ ইমান সোনকালে সুস্থ হৈ উঠিল বুলি। এই কথা সদৰী কৰিছে বৃদ্ধৰ ৭৫ বছৰীয়া কন্যা ইউকিকোৱে।
আকুৱাওৱাৰ কন্যাই লগতে জনাইছে যে সুস্থ হোৱাৰ পাছত শতায়ু গৰকা পিতৃয়ে প্রতিদিনে পুৱা এঘণ্টাৰ বাবে খোজকাঢ়িবলৈ গৈছিল। প্রায় প্রতি সপ্তাহতে তেওঁ এখন পাহাৰ বগাইছিল।
উল্লেখ্য যে তিনিদিনতে মাউন্ট ফুজিত আৰোহণ কৰে বৃদ্ধ আকুজাওৱাই। বাটত দুটা নিশা তম্বু তৰি থাকিবলগীয়া হৈছিল। উচ্চতাই প্রায় কাহিল কৰি পেলাইছিল ১০২ বছৰীয়া বৃদ্ধক।
তথাপি হতোদ্যম হোৱা নাছিল। সহযাত্রীসকলৰ সহযোগিতাত মাউন্ট ফুজিৰ শীৰ্ষত উপস্থিত হয় শান্ত স্বভাৱৰ জাপানী লোকজন। অৱশ্যে অকলে নহয়, তেওঁৰ লগত আছিল তেওঁৰ এগৰাকী নাৰ্ছ আৰু নাতিনী।






























