Assam Cabinet Meeting:
অসম কেবিনেটৰ এখন বৈঠক বুধবাৰে দিছপুৰস্থ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয় ৷ বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি কেবিনেট সিদ্ধান্ত সমূহ সদৰি কৰি কয়,আন্তঃধর্মীয় ভূমি বিক্রীক লৈ প্ৰস্তুত কৰা এছঅপি কেবিনেটে অনুমোদন জনায় ৷ এছঅপি অনুসৰি আন্তঃধর্মীয় লোকে ভূমি বিক্রী কৰিবলৈ হ’লে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্য চৰকাৰৰ পৰা ল’ব লাগিব অনুসৰি ৷এই ক্ষেত্ৰত অসম আৰক্ষীৰ এছ বিৰ পৰা ল’ব লাগিব ভেৰিফিকেচন ৷ আনহাতে বহি:ৰাজ্যৰ ৰেজিষ্টাৰড বেচৰকাৰী অনুষ্ঠানে অসমত ভূমি ক্ৰয় কৰিলে উল্লিখিত নিয়মৰ দৰেই ল’ব লাগিব অনুমতি ৷ অবশ্যে স্বধৰ্মৰ লোকৰ মাজত মাটি ক্ৰয়- বিক্ৰী কৰিলে নালাগে কোনো অনুমতি ৷
আনহাতে ৰে’ল মন্ত্ৰালয়ৰ চাৰিটা প্ৰকল্পৰ বাবে ১২,৩২৮ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাই কেবিনেটে ৷ একেদৰে ফৰকাটিং, নতুন তিনিচুকীয়া সংযোগী ৰে’ল লাইন নির্মাণতো জনোৱা হয় অনুমোদন ৷ সকলো ঠিকে থাকে থাকিলে অচিৰেই চাৰিটা নতুন ৰে’ল লাইন নিৰ্মাণ হ’ব বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে ৷
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,আছাম প্লেণ্টেচন কৰ্পছ ডেভেলপমেণ্ট কৰ্প’ৰেচনৰ কৰ্মচাৰীসকলে বহুদিন ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছিল ৷ একেদৰে প্ৰতিষ্ঠানটো পাঁচ বছৰ ধৰি লোকচানৰ ঘৰত আছিল ৷যাৰবাবে কেবিনেটে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলক বাধ্যতামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে তেওঁলোকৰ বাবে কোটি টকা মঞ্জুৰি দিয়ে।
আনহাতে মুখ্যমন্ত্ৰী আৰু জনায় যে,চাৰিটা বিনিয়োগ প্ৰস্তাৱত অনুমোদন জনায় ৷য’ত ব্যয় হ’ব ৯৬৯ কোটি টকা ৷ ইয়াৰ ফলস্বৰূপে সৃষ্টি হ’ব ২৭০৪টা কৰ্মসংস্থাপনৰ পদ ৷ প্ৰথম পৰ্যায়ত ট্ৰায়’জেনিক লিমিটেড নামৰ প্ৰতিষ্ঠাটোৱে ১২৫ কোটি টকা ব্যয়েৰে জাগীৰোড ছেমিকণ্ডাক্টৰ গ্ৰেড গেছ মেনুফেকচাৰ কৰিব। ইয়াৰ বাবে ১২৫ কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱত কেবিনেটে অনুমোদন জনাইছে। দ্বিতীয় পৰ্যায়ত গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান কোঠৰ সমীপত জোনালী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেড নামৰ গোষ্ঠীটোৱে ১৮২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব মেৰিয়ট হোটেল আৰু ৰিজ’ৰ্ট৷ ইয়াত কৰ্মসংস্থাপিত হ’ব অসমৰ ২০৪জন কৰ্মচাৰী ৷
আনহাতে অম্বুজা নেয়’টিয়া হেল্থকেয়াৰ ভেঞ্চাৰ লিমিটেডে ৩০২ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীত নিৰ্মাণ কৰিব এখনঅত্যাধুনিক হাস্পতাল ৷ তদুপৰি তেওঁলোকে ৩৬০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব অত্যাধুনিক হোটেলো ৷ সংস্থাপিত হ’ব পাৰিব ৰাজ্যৰ ২৩০০ টা নিবনুৱাই ৷
কেবিনেটে এই আটাইকেইটা বহু অভিলাষী প্ৰকল্পতে কেবিনেটে অনুমোদন জনাই বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ADVERTISEMENT






























