যোৱা ২০ আগষ্টত তামুলপুৰ জিলাৰ ভৰালী চ’কত দলবদ্ধ প্ৰহাৰৰ বালি হৈ মৃত্যুমুখত। অদম্ভত পৰা অভিষেক দাসৰ গণপ্ৰহাৰৰ ঘটনাৰ আৰক্ষীয়ে গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে সদৌ অসম শৰণীয়া ছাত্র সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াই অভিযোগ উত্থাপন কৰে যে অভিষেকৰ ভুক্তভোগী পৰিয়ালে ঘটনাৰ পিছদিনা অর্থাৎ যোৱা ২১ আগষ্টতে ঘটনা সম্পৰ্কত সুৱাগপুৰ উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও ৰহস্যজনক কাৰণত আৰক্ষীয়ে চাৰিদিনৰ পাছতহে অর্থাৎ ২৪ আগষ্টতহে গোচৰ পঞ্জীয়ন কৰে।
আৰক্ষীৰ এনে হেমাহিৰ মাজতে জিলা প্রশাসনে নৃশংস কাণ্ডটোৰ তদন্তৰ বাবে এক দণ্ডাধীশ পর্যায়ৰ তদন্ত গঠন কৰে যদিও আজিলৈ এজনো দোষী জালত নপৰিল।
গতিকে ৰাজনৈতিক হস্তক্ষেপৰ ঊর্ধ্বত অৱস্থান কৰি ক্ষিপ্ৰতাৰে ঘটনাৰ তদন্ত কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্রদান কৰিবলৈ আজি সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাই জিলা আযুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক স্মাৰকপত্র প্রদান কৰে।
স্মাৰকপত্ৰ প্ৰদানৰ পাছত জিলা আৰু আৰক্ষী প্ৰশাসনৰ মুৰব্বীদ্বয়ৰ লগত সন্থাৰ প্রতিনিধি এক আলোচনাতো মিলিত হয়। এই নৃশংস গণপ্ৰহাৰ কাণ্ড সন্দৰ্ভত সন্থাৰ সাধাৰণ সম্পাদক দ্বীপজ্যোতি শৰণীয়াই লগতে কয়, ‘যোৱা ২০ আগষ্টত তামুলপুৰৰ ভৰালী চ’কত সংঘটিত এক সাধাৰণ পথ দুর্ঘটনাক লৈ একাংশ লোকে মানবীয়তাক বিসর্জন দি অভিষেক দাসক প্রচণ্ড মাৰধৰ কৰে।
ফলত তেওঁৰ অকাল মৃত্যু হয়। অভিষেক হত্যাৰ আঠদিন পাৰ হ’ল যদিও আজিলৈ এজনো অপৰাধীক তামুলপুৰৰ আৰক্ষী প্রশাসনে কৰায়ত্ত কৰিব নোৱাৰিলে।’ এই গণপ্ৰহাৰ কাণ্ডৰ চাৰিজনকৈ জীৱন্ত সাক্ষী থকা সত্ত্বেও অভিযুক্তসকলক আৰক্ষী প্রশাসনে চিনাক্ত কৰিব নোৱৰাত সন্থাই আশ্চর্য প্রকাশ কৰে।
২৪ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিব নোৱাৰিলে শৰণীয়া কছাৰী ছাত্ৰ সন্থাই ৰাইজক লগত লৈ তীব্র গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। উল্লেখ্য যে যোৱা ২০ আগষ্টত অভিষেকে লগত চাৰিজন বন্ধুক লৈ নিজ গাড়ীৰে ফুৰিবলৈ গৈ উভতি আহোতে ভৰালী চ’কত এখন ই-ৰিক্সাক বচাবলৈ লওতে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওচৰতে অৱস্থিত এখন দোকানত খুন্দা মৰাত দোকানখনৰ এটা খুঁটাৰ সামান্য ক্ষতি হয়। ইয়াক লৈয়ে একাংশ লোকে তেওঁক বৰ্বৰভাৱে আক্রমণ কৰে।আক্ৰমণ কৰি আঁতৰি যায়।
ফলত যুৱকজন গুৰুতৰভাৱে আহত হয়। পাছত ৰঙিয়ালৈ চিকিৎসালয়লৈ নিয়াৰ পথত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। সমগ্ৰ ৰাজ্য জোঁকাৰি যোৱা এই নৃশংস কাণ্ডৰ তদন্তৰ ক্ষেত্ৰত আৰক্ষীয়ে কৰা হেমাহিক বহুতে ধিক্কাৰ দিছে।






























