Uttarakhand:✒️উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণ। এটা নহয়, একাধিক! শুকুৰবাৰে পুৱা সেই ৰাজ্যৰ ৰুদ্ৰপ্ৰয়াগ আৰু চামোলী জিলাত সংঘটিত হয় মেঘ বিস্ফোৰণ । কম সময়ৰ ভিতৰতে অত্যধিক বৰষুণৰ ফলত বহু ঘৰ ভাঙি যায়। ধ্বংসাৱশেষৰ তলত বহু লোক মৃত্যুৰ হোৱাৰ আশংকা কৰা হৈছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জনাইছে যে,পথত হোৱা ভূমিস্খলনৰ বাবে বহু লোক আৱদ্ধ হৈ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি,ডাৱৰ বিস্ফোৰণত হোৱা বৰষুণৰ ফলত উত্তৰাখণ্ডৰ বৃহৎ অঞ্চল ক্ষতিগ্ৰস্ত হৈছে।
ৰুদ্ৰপ্ৰয়াগ জিলাৰ অলকনন্দ আৰু মন্দাকিনী নদীৰ সংগমস্থলীত জলপৃষ্ঠ বৃদ্ধি পাইছে। কেদাৰনাথ উপত্যকাৰ এখন দলং নদীৰ পানীয়ে উটুৱাই নিয়ে। নদী আৰু সৰু সৰু খালৰ পানী ক্ৰমান্বয়ে স্থানীয় অঞ্চলত প্ৰৱেশ কৰিছে।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰশাসনে ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। প্ৰশাসনিক বিষয়াসকলৰ স’তে তেওঁৰ যোগাযোগ আছে বুলিও ধমীয়ে জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীৰ সচিবালয়ে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব আৰু জিলা দণ্ডাধীশক প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে।
ৰুদ্ৰপ্ৰয়াগ জিলাৰ বাসুকেদাৰ অঞ্চল আৰু চামোলী জিলাৰ দেৱাল অঞ্চলত মুষলধাৰ বৰষুণৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয়।






























