Rape:✒️ব্রিটেইনত ৮৫ অঞ্চলত যৌন শোষণৰ বলি হৈছে নাবালিকা। দেশখনৰ সাংসদ কপট ল’ভে যোৱা ২৬ আগষ্টত এইদৰে দাবী কৰি কয় যে এইসমূহ অঞ্চলত কে’বাটাও ‘বেপ গেং’ অর্থাৎ ধৰ্ষণকাৰীৰ দল সক্রিয় হৈ আছে।
সামাজিক মাধ্যম ‘এক্স’ত ল’ভে এইদৰে দাবী কৰিলে, ‘এই বেপ গেংসমূহৰ সবহসংখ্যক সদস্য পাকিস্তানীমূলক লোক। তদন্তত লাভ কৰা তথ্য অনুসৰি ১৯৬০ৰ পৰাই ব্রিটেইনত এই ধৰণৰ ধৰ্ষণকাৰীৰ গেং সক্রিয় হৈ আছে। এইসকল লোকে বছৰ বছৰ ধৰি অপৰাধ সংঘটিত কৰি আহিছে আৰু আৰক্ষী তথা প্রশাসনে সকলো দেখিও কোনো ব্যবস্থা গ্রহণ কৰা নাই।’
ব্রিটিছ সাংসদজনৰ দাবী অনুসৰি,বেপ গেঙৰ সদস্যই সাধাৰণতে দৰিদ্ৰ পৰিয়ালৰ শ্বেতাংগ নাবালিকাক ধর্ষণ কৰি আহিছে। ল’ভেৰ অনুসন্ধানত পোৰহলৈ অহা তথ্য অনুসৰি, পীড়িতাসকলক শৈশৱৰ পৰাই ৰেপ গেঙৰ সদস্যই জালত পেলাইছিল আৰু প্রথমে নাবালিকাক ড্রাগছৰ ফান্দত আবদ্ধ কৰি পাছত তেওঁলোকক ধর্ষণ কৰা হৈছিল।
ব্রিটিছ সাংসদজনৰ তথ্য অনুসৰি, টেলফ’র্ড অঞ্চলত যোৱা ৪০ বছৰত এহেজাৰৰো অধিক নাবালিকাক এইদৰে বেপ গেডে যৌন আতিশয্য চলোৱাৰ লগতে বিভিন্ন অঞ্চললৈ সৰবৰাহ কৰিছিল। পীড়িতাৰ মাজত ১১ বছৰীয়া শিশুও আছিল। একেদৰে ৰ’থৰহম অঞ্চলত ১৯৯৭ৰ পৰা পৰা ২০১৩ৰ ২০১ সময়ছোৱাত প্রায় ১৫০০ নাবালিকাক পাকিস্তানী ধর্ষণকাৰীয়ে আতিশয্য চলাইছিল।






























