NDA Panchayat Pratinidhi Sanmmelan in Guwahati :
ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা অৱস্থাত শুকুৰবাৰে মহানগৰীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা ৷ এনডিএ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত অনুস্থিত বিশাল সভাত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি গৃহমন্ত্ৰী শ্বাহ সৰৱ হৈ পৰে কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে ৷শেহতীয়াকৈ ৰাহুল গান্ধীয়ে যি ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বৰ্গীয় মাতৃৰ বিষয়ে অপশব্দ কৈছে তাক মই নিন্দা জনাইছোঁ। দেশক অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিব বিচাৰিছে কংগ্ৰেছে ৷ এনডিএ চৰকাৰৰ জন কল্যাণ কামকাজত নস্যাৎ কৰি দেশবাসীক বিভ্ৰান্ত কৰি কেতবোৰ ভিত্তিহীন মন্তব্যৰে ৰাইজক বিপথে পৰিচালিত কৰাত নামি পৰিছে কংগ্ৰেছৰ যুৱৰাজ গৰাকীয়ে ৷ গৌৰৱ গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আহিছে। আজি মই এই মঞ্চৰ পৰাই কৈছো গৌৰৱ গগৈয়ে যিমান বিৰোধিতা কৰে কৰি থাকক। অসমক বাংলাদেশীৰ পৰা আমি বেদখলমুক্ত কৰিমেই I
সভাত উদাত্ত ভাষণ দি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ পৰে জমিয়তৰ সভাপতি আছাদ মাদানীৰ বিৰুদ্ধে ৷ অসম আৰু অসমীয়া বিৰুদ্ধে মাদানী আৰু ৰাহুল গান্ধীয়ে অহৰহ কামকাজ অব্যাহত ৰখা বুলি অভিযোগ কৰি মুখ্যমন্ত্ৰীয়ে কয়, দুয়োজনৰ বিৰুদ্ধে অসমীয়া জাগিব আৰু জাগিছে ৷ অনাগত দিনত বিজেপিয়ে অসমবাসীক লৈ মাদানীৰ অসম বিৰোধী স্থিতিৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিব।
আনহাতে ৰাজ্য চৰকাৰে চৰকাৰী ভূমি আৰু বনাঞ্চল বেদখল কৰা সন্দেহযুক্ত দখলদাৰীক উচ্ছেদ অব্যাহত ৰখাৰ সময়ত কংগ্ৰেছ আৰু তেওঁলোকৰ আশীৰ্বাদপুষ্ট কেতবোৰ সংগঠন আৰু দিল্লীৱালা তথাকথিত বুদ্ধিজীৱীয়ে চৰকাৰ খনক অস্থিৰ কৰিবৰ বাবে যি অভিসন্ধি ৰচিছে ৷ এই অভিসন্ধি ভেদিব ৰাইজে ৷ আগন্তুক দিনত সমুচিত প্ৰত্যুত্তৰ দিব জনগণে ৷ ৰাজ্যৰ যোৱা প্ৰতিটো নিৰ্বাচনত মুখ থেকেচা খোৱা কংগ্ৰেছ আৰু তেওঁলোকৰ সাংগোপাংগেৱে এতিয়া ৰাইজক ভিত্তিহীন আৰু উদ্দেশ্য প্ৰণোদিত কথাৰে বিভ্ৰান্ত কৰিব বিচাৰিছে ৷ এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন বুলি মন্তব্য কৰি ড:শৰ্মাই কয়,আমি চিনাকিক মাটিৰ পট্টা দিম আৰু অচিনাকিৰ পৰা মাটি কাঢ়ি আনিম আমি আৰু আগন্তুক ২০’২৬ত আকৌ চৰকাৰ গঠন কৰিম ৷
