মাত্ৰ ৫০টা অস্ত্ৰৰে পৰাজিত হ’ল পাকিস্তান!

অপাৰেচন সিন্দুৰৰ সফলতাৰ বিষয়ে আৰু কি প্ৰকাশ কৰিলে বায়ুসেনাৰ বিষয়াগৰাকীয়ে?

Narmadeshwar

Operation Sindoor: ✒️ভাৰতীয় বায়ুসেনাই মাত্ৰ ৫০টা অস্ত্ৰৰেহে আঘাত কৰে। আৰু তাতেই পৰাজিত হ’ল পাকিস্তান। অপাৰেচন সিন্দূৰৰ তিনি মাহৰ পাছত এয়াৰ চিফ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীয়ে যুদ্ধত বায়ুসেনাৰ ভূমিকা প্ৰকাশ কৰিছে।

শেহতীয়াকৈ ব্যক্তিগত সংবাদ মাধ্যমৰ এক অনুষ্ঠানত ভাষণ দি এয়াৰ মাৰ্শ্বাল নৰ্মদেশ্বৰ তিৱাৰীয়ে জনাইছে ,বায়ুসেনাই পাকিস্তানক যুদ্ধবিৰতিৰ সিদ্ধান্তলৈ অনাৰ বাবে ৫০টাতকৈও কম অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

তেওঁ কয়, ”আমাৰ ওচৰত শত্ৰু পক্ষৰ বাবে দীঘলীয়া তালিকা আছিল ।শেষত সেই সংখ্যা নলৈ নামি আহিল। যুদ্ধ আৰম্ভ কৰাটো সহজ, কিন্তু শেষ কৰাটো সহজ নহয়। গতিকে যিকোনো পৰিস্থিতিৰ স’তে মোকাবিলা কৰিবলৈ সদায় বাহিনী নিয়োগ কৰা হৈছিল।”

এয়াৰ মাৰ্শ্বাল নৰ্মাদেশ্বৰ তিৱাৰীয়ে এই সফলতাৰ কাৰণ ভাৰতীয় বায়ুসেনাৰ ফলপ্ৰসূ কৌশল বুলি কয়। যি কৌশলে ভাৰতক প্ৰাৰম্ভিক আঘাতক প্ৰতিহত কৰিবলৈ সক্ষম কৰি পাকিস্তানক আলোচনা কৰিবলৈ বাধ্য কৰালে।

চিফ মাৰ্শ্বাল নৰ্মাদেশ্বৰে আৰু জনাইছে যে, দিল্লীৰ পৰা স্পষ্ট নিৰ্দেশ আহিছিল যাতে ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক কাৰ্য্য সকলোৰে দৃষ্টিগোচৰ হয় । ভৱিষ্যতে যাতে ভাৰতৰ ওপৰত যিকোনো আক্রমণ হ’লে প্রত্যুত্তৰ এনেদৰে দিয়া হ’ব৷

ইয়াৰ উপৰিও সেনাবাহিনীক বৃহত্তৰ যুদ্ধৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। শত্ৰুৰ যিকোনো আক্ৰমণৰ প্ৰতি সঁহাৰি জনাবলৈ উচ্চ পৰ্যায়ৰ পৰা সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছিল।সেইবাবেই কঠিন পৰিস্থিতিত সিদ্ধান্ত লোৱাত কোনো সমস্যা হোৱা নাছিল।

উল্লেখ্য যে,বিগত ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই সাত মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ বিভিন্ন সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাইছিল।

চাৰিদিন ধৰি ভাৰতীয় বাহিনীৰ অবিৰত আক্ৰমণৰ অন্তত অৱশেষত মূৰ দোৱাবলৈ বাধ্য হ’ল পাকিস্তান। ১০ মে’ত ভাৰত চৰকাৰে চৰ্তসাপেক্ষে পাকিস্তানৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি দিছিল।

Exit mobile version