Kashmir: ✒️পাক অধিকৃত কাশ্মীৰৰ পৰা উপত্যকাত উগ্ৰপন্থীৰ অনুপ্ৰৱেশৰ অন্যতম মাষ্টাৰমাইণ্ড,‘হিউমেন জিপিএছ’ নামে খ্যাত বাগু খান নিহত ।
শনিবাৰে জম্মু-কাশ্মীৰৰ গুৰেজত এই অভিযান সফল হয়।বাগু খান ওৰফে ‘সমন্দৰ চাচা’ ১৯৯৫ চনৰ পৰা PoK ত সক্ৰিয় হৈ আছে।এই ব্যক্তিজনক দেশৰ অন্যতম পুৰণি অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰা হৈছে।
সেনা সূত্ৰৰ মতে, নৌশ্বেৰা নৰ অঞ্চলত আন এজন উগ্ৰপন্থীৰ স’তে বাগু খানক নিৰ্মূল কৰা হয়।
উল্লেখযোগ্য যে বাগুৰে গুৰেজ খণ্ডৰ বিভিন্ন অঞ্চলত ১০০ৰো অধিক অনুপ্ৰৱেশৰ চেষ্টাত জড়িত আছিল।
কাশ্মীৰৰ কঠিন ভূখণ্ড আৰু পাহাৰীয়া অঞ্চলৰ গোপন পথৰ বিষয়ে তেওঁৰ জ্ঞানৰ বাবেই প্ৰায়বোৰ প্ৰচেষ্টা সফল হৈছিল। ইয়াৰ বাবেই এই ব্যক্তিজন সকলো উগ্ৰপন্থী গোটৰ প্ৰিয় হৈ পৰিছিল।
বাগুৱে এটা সময়ত হিজবুলৰ কমাণ্ডাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সেই সময়ছোৱাত তেওঁ গুৰেজ আৰু কাষৰীয়া অঞ্চলসমূহত নিয়ন্ত্ৰণ ৰেখাৰ কাষেৰে একাধিক উগ্ৰপন্থী গোটক অনুপ্ৰৱেশ অভিযান চলোৱাত সহায় কৰিছিল।
বছৰ বছৰ ধৰি নিৰাপত্তা বাহিনীৰ পৰা হাত সাৰি থকাৰ পাছতো শেহতীয়া অভিযানত তেওঁ নিজকে লুকাই থাকিব নোৱাৰিলে। অনুমান কৰা হৈছে যে বাগু খানৰ মৃত্যুৱে অঞ্চলটোৰ উগ্ৰপন্থী সংগঠনৰ লজিষ্টিকৰ নেটৱৰ্কত ওপৰত আঘাত হানিব।






























