Abhayapuri Murder:
অভয়াপুৰীৰ টিলাপৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিশা হাচানুৰ ৰহমান নামৰ লোক জনকশোৱাপাটীতে অচিনাক্ত দুৰ্বৃত্তই হানি খুচি হত্যা কৰে ৷
ADVERTISEMENT
প্ৰাপ্ত খবৰ অনুসৰি নিজ গৃহৰ দুটা কোঠালীত দুই ভাতৃ টোপনিত আছিল । নিশা ১:৩০ মান বজাত পৰিয়ালৰ লোকে শব্দ পাই কোঠাৰ ভিতৰত প্ৰৱেশ কৰি প্ৰত্যক্ষ কৰে যে হাছানুৰ ৰহমান বিচনাত তেজেৰে তুমৰলি হৈ মৃত অৱস্থাত পৰি আছে । ইয়াৰ পিছতে হুৱাদুৱা লাগে ঘৰ খনত ৷ ঘটনাস্থলীত আৰক্ষী আৰু ফৰেনচিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আনহাতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।






























