Cm Vigilance:
ৰাজ্যৰ পৰ্যটন বিভাগত ব্যাপক অনিয়মৰে চাকৰি কৰি থকা আঠ সহকাৰী পৰ্যটন বিষয়াৰ চাকৰি যাব অচিৰেই ৷ ইতিমধ্যে আঠ সহকাৰী পৰ্যটন বিষয়াক চাকৰিৰ পৰা বৰ্খাস্তকৰণক লৈ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৷
ADVERTISEMENT
উল্লেখ্য যে কংগ্ৰেছৰ আমোলত নিযুক্তি পোৱা সহকাৰী পৰ্যটন বিষয়া কেইজনে জালিয়াতিৰে চাকৰি লাভ কৰাৰ সন্দৰ্ভত তদন্ত চলাইছিল চিএম ভিজিলেঞ্চে ৷ তদন্তত ব্যাপক অনিয়মৰ তথ্য-প্রমাণ সংগ্ৰহ কৰাৰ পিছতে বিষয়া কেইজনক চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ বাবে চিএম ভিজিলেঞ্চে পৰ্যটন বিভাগক পৰামৰ্শ আগবঢ়াই ৷






























